ডিব্ৰুগড়,12 মে’: জাতীয় জীৱনৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত অসমৰ ৰাইজৰ লগতে মৰ্মাহত হৈছে সদৌ অসম ছাত্ৰ সন্থা ৷ বৰেণ্য ব্যক্তিগৰাকীৰ বৈকুণ্ঠ গমনত মৰ্মাহত হৈ আছুৰ নেতৃবৰ্গই গভীৰ শোক প্ৰকাশ কৰিছে । আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, হোমেন বৰগোহাঞিৰ মৃত্যুত অসমৰ প্ৰতিটো স্তৰত অপূৰণীয় ক্ষতি হৈছে । এই ক্ষতি অসমৰ প্ৰতিটো স্তৰৰ ৰাইজে প্ৰতিটো মুহুৰ্তত উপলব্ধি কৰিব ৷
ইফালে জাতীয় সংগঠনটোৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে অসমৰ অন্যতম অভিভাৱক তথা সংবাদ, সাহিত্য জগতৰ এগৰাকী পিতৃপুৰুষ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিৰ মৃত্যুত শোকস্তব্ধ বুলি মন্তব্য প্ৰকাশ কৰে ৷ অসমৰ নতুন প্ৰজন্মক অসমীয়া জাতীয়তাবাদ, জাতীয়তাবাদী যাত্ৰাৰে আগবাঢ়িবলৈ তেখেতে বিভিন্ন লেখা, সাহিত্যৰ লগত জড়িত উপাদান দি গৈছে । যি সমূহে অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰি থোৱাৰ লগতে এখন শক্তিশালী অসম গঢ়াত নতুন প্ৰজন্মক সহায় কৰি যাব বুলিও আছুৰ উপদেষ্টা গৰাকীয়ে মন্তব্য় কৰে ।
লগতে পঢ়ক: টিপ্ৰা-বিজেপি ৰাজনৈতিক সংঘৰ্ষত কেবাজনো আহত, কঠোৰ নিৰাপত্তা ব্যৱস্থা