মৰাণ, 29 মাৰ্চ : পৰিৱৰ্তনকামী চৰকাৰৰ দিনত পুনৰ ৰাজপথত আৰম্ভ হ'ল প্ৰতিবাদ । মূল্যবৃদ্ধিৰ সমস্যাৰ পৰা ৰাইজক মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়া ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে (Petrol price hike in Assam) জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ।
নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল ডিব্ৰুগড়ৰ ৰাজপথ (AASU protest in Dibrugarh) ৷ ডিব্ৰুগড়ত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আঞ্চলিক সমিতিসমূহে ডিব্ৰুগড়ৰ ৰাজপথত দাহ কৰে যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চাবুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাই চাবুৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
কেৱল চাবুৱাতে নহয়, প্ৰতিবাদকাৰীসকলে খোৱাং চাৰিআলিত খোৱাং আঞ্চলিক ছাত্ৰ সন্থা, টিংখাঙত টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাজগড়ত ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।
সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে, আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে নিজ নিজ আঞ্চলিকত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি (Price hike in Assam)ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ।
লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াত আছুৰ প্ৰতিবাদ