ETV Bharat / state

প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ আগন্তুক অসম ভ্ৰমণ সুচল হ’বলৈ নিদিয়ে আছুৱে !

author img

By

Published : Jan 18, 2021, 7:42 PM IST

আগন্তুক 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু 24 জানুৱাৰীত গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ সফল হ’ব নিদিয়াৰ হুংকাৰ আছুৰ ৷ সোমবাৰে ডিব্ৰুগড়ত আছুৱে সংবাদমেল সম্বোধন কৰি কয় যে, দুই নেতাৰ আগমণত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব ৷

AASU  pressmeet
আছুৰ সংবাদমেল

ডিব্ৰুগড়,18 জানুৱাৰী : ডিব্ৰুগড়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৱে ৷ আগন্তুক 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী আৰু 24 জানুৱাৰীত গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচীৰ বিৰোধিতা কৰি আছুৱে কয় যে, তেওঁলোকৰ অসম ভ্ৰমণ সুচল নহ’ব ৷ দুই নেতাৰ আগমণত ৰাজ্যজুৰি সাব্যস্ত কৰা হ’ব তীব্ৰ প্ৰতিবাদ ৷ আছুৰ সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সংবাদমেলযোগে এই কথা ঘোষণা কৰে ৷

আছুৰ সংবাদমেল

আছুৰ আগন্তুক পৰিকল্পনা অনুসৰি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আগমণৰ লগে লগে ‘কা’ বাতিল, EIA 2020 প্ৰত্যাহাৰ, অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ আৰু অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত হ’ব জোৰ সমদল উলিয়াব আছুৱে ৷

আছুৰ সংবাদমেল

23 জানুৱাৰীত ৰাজহুৱা স্থানত মুখত ক’লা কাপোৰ বান্ধি বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ লগতে 24 জানুৱাৰীত ‘কা’ৰ প্ৰতিলিপি দাহ কৰিব সংগঠনটোৱে ৷ সংবাদমেলত নেতা দুগৰাকীয়ে শাসকীয় দলক সকীয়নি দি কয় যে, কিছুদিন পূৰ্বে অসমলৈ আহি অমিত শ্বাহে শ্বহীদক অপমান কৰিছিল আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এনে ৰাজনৈতিক নেতা তথা মন্ত্ৰীক পুনৰ অসমলৈ আহিবলৈ দিয়াতো কেতিয়াও পক্ষপাতী নহয় ৷

লগতে পঢ়ক : অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতাই ক্ষতি নকৰে বিজেপিক : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.