ETV Bharat / state

নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন - assam news

গাঁও আৰু কাছাৰ কাগজকলৰ পাচত এইবাৰ তিল তিলকৈ মৃত্যু মুখলৈ গতি কৰিছে ডিব্ৰুগড়ৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলি সাৰকাৰখানা । সাৰ উদ্যোগটো প্ৰতিষ্ঠাৰ দিনৰে পৰাই উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা,ঝাৰখণ্ডকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ কৃষক সকলৰ সাৰৰ চাহিদা পূৰণ কৰি আহিছে

নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন
author img

By

Published : Aug 14, 2019, 11:51 PM IST

ডিব্ৰুগড়, 14 আগষ্টঃ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে কেবিনেট অনুমোদনৰ দাবীত নামৰূপ আছুৰ 24 ঘণ্টীয়া অনশন ৷ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত বুধবাৰে পুৱাৰ পৰা 24 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে নামৰূপ আছুয়ে । নামৰূপ গান্ধী মৈদানৰ সম্মুখত অৰ্দ্ধ শতাধিক আছু কৰ্মীয়ে বুধবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই অনশন কাৰ্যসূচী স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়লৈকে অব্যাহত ৰাখিব বুলি সদৰী কৰে । শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপন নকৰিলে নামৰূপত মন্ত্ৰী বিধায়কৰ প্ৰৱেশত বাধা প্ৰদান কৰাৰ হুংকাৰ দিয়ে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ৷

উল্লেখ্য যে, নগাঁও আৰু কাছাৰ কাগজকলৰ পাচত এইবাৰ তিল তিলকৈ মৃত্যু মুখলৈ গতি কৰিছে ডিব্ৰুগড়ৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলি সাৰকাৰখানা । সাৰ উদ্যোগটো প্ৰতিষ্ঠাৰ দিনৰে পৰাই উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা,ঝাৰখণ্ডকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ কৃষক সকলৰ সাৰৰ চাহিদা পূৰণ কৰি আহিছে । সাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাশ পাছোৱানে ২০০৬ চনতে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটটো স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমান পৰ্যন্ত কাৰ্যকৰী ন'হল । উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই সাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ নামৰূপস্থিত বিভিন্ন দল সংগঠনে বিগত ১৩ টা বছৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল যদিও গা লৰাব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ ।

Intro:সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে কেবিনেট অনুমোদনৰ দাবীত নামৰূপ আছুৰ ২৪ ঘণ্টীয়া অনশনঃ

নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত আজি পুৱাৰ পৰা ২৪ ঘন্টিয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নামৰূপ আছুয়ে ।Body:উল্লেখ্য যে নগাঁও আৰু কাছাৰ কাগজকলৰ পিছত এইবাৰ তিল তিলকৈ মৃত্যু মুখলৈ গতি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ ডিব্ৰুগড় জিলাৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলি সাৰকাৰখানা । সাৰ উদ্যোগটো প্ৰতিষ্ঠাৰ দিনৰে পৰাই উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে পশ্চিম বংগ, বিহাৰ, উৰিষ্যা,ঝাৰখণ্ডকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ কৃষক সকলৰ সাৰৰ চাহিদা পূৰণ কৰি আহিছে । পিছে এই সাৰ উদ্যোগটো এতিয়া তিল তিলকৈ গতি কৰিছে মৃত্যু মুখলৈ । নামৰূপৰ এই সাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ তদানীন্তন সাৰ মন্ত্ৰী ৰামবিলাশ পাছোৱানে ২০০৬ চনতে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটটো স্থাপনৰ কথা ঘোষণা কৰিছিল যদিও আজি পৰ্য্যন্ত সেইয়া কাৰ্যকৰী নহল । উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই সাৰ উদ্যোগটো জীয়াই ৰাখিবলৈ নামৰূপস্থ বিভিন্ন দল সংগঠনে বিগত ১৩ টা বছৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল যদিও গা লৰাব পৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ । ইয়াৰে প্ৰতিবাদত আৰু নামৰূপ সাৰকাৰখানাৰ পুনৰুজ্জীৱিত কৰণৰ বাবে প্ৰয়োজনীয় চতুৰ্থ গোট স্থাপনৰ কেবিনেট অনুমোদন প্ৰদানৰ দাবীত নামৰূপ আছয়ে ২৪ ঘন্টিয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । নামৰূপ গান্ধী মৈদানৰ সম্মুখত অৰ্দ্ধ শতাধিক আছু কৰ্মীয়ে বুধবাৰে পুৱাৰে পৰা আৰম্ভ কৰা এই অনশন কাৰ্যসূচী স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ৰ লৈকে অব্যাহত ৰাখিব । যি সময়ত ৰাজ্যৰ অন্যান্য প্ৰান্তত থকা মৃতপ্ৰায় সাৰ উদ্যোগ সমূহ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰ খনে ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ নামৰূপৰ এই সাৰ উদ্যোগটো কেন্দ্ৰীয় চৰকাৰে মৃত্যু মুখলৈ ঠেলি দিয়া কার্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট স্থাপন নকৰিলে নামৰূপত মন্ত্ৰী বিধায়কৰ প্ৰৱেশত তীব্ৰ বাধা প্ৰদান কৰাৰ হুংকাৰ দিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাইConclusion:Byte 1: আছু
Byte 2: আছু
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.