ETV Bharat / state

DU Ragging Incident : আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল'লে শংকৰ জ্যোতি বৰুৱাই

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’লে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই(AASU General Secretary Sankar Jyoti Baruah) ৷ চিকিৎসাধীন ছাত্ৰজনৰ স্বাস্থ্য়ৰ বুজ লৈ ঘটনাৰ মূল অভিযুক্তক আজিও আটক কৰিব নোৱৰা কাৰ্যক গৰিহণা দিয়ে ছাত্ৰনেতাগৰাকীয়ে ৷

DU Ragging Incident
আদিত্য নাৰ্চিংহোমত আনন্দ শৰ্মাৰ স্বাস্থ্য বুজ ল'লে শংকৰ জ্যোতি বৰুৱাই
author img

By

Published : Dec 3, 2022, 5:41 PM IST

Updated : Dec 3, 2022, 7:50 PM IST

ডিব্ৰুগড়, 3 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ পাছৰে পৰা ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত জীৱন মৰণৰ সৈতে যুঁজিছিল আনন্দ শৰ্মাই (Ragging victim Anand Sarmah) । বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত(Aditya Nursing Home) তিনি ঘন্টাজোৰা জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল আনন্দ শৰ্মাৰ ।

আদিত্য নাৰ্চিংহোমত আনন্দ শৰ্মাৰ স্বাস্থ্য বুজ ল'লে শংকৰ জ্যোতি বৰুৱাই

ৰাজহাড়ত হোৱা অস্ত্ৰোপচাৰৰ পাছতেই ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা । শনিবাৰে ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত উপস্থিত হৈ আনন্দ শৰ্মাৰ স্বাস্থ্য বুজ ল'লে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই (AASU General Secretary Sankar Jyoti Baruah)। আনন্দ শৰ্মাৰ সৈতে মত বিনিময় কৰাৰ লগতে পৰিয়ালৰ সৈতেও মত বিনিময় কৰে । এই ৰেগিংকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি আছুৰ সম্পাদকগৰাকীয়ে কয়, আনন্দ শৰ্মাৰ এই ঘটনাটোৱেই ভাৰতৰ শিক্ষানুষ্ঠানত ৰেগিঙৰ শেষ ঘটনা যাতে হয় তাৰে বাবে সকলো পক্ষই চেষ্টা কৰিব লাগিব ।

লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দুৰ্বল ভূমিকাৰ বাবেই এইদৰে ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰে শংকৰ জ্যোতি বৰুৱাই । পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ৱাৰ্ডেনগৰাকীক কিয় কাৰ স্বাৰ্থত ৯ বছৰে ৱাৰ্ডেন হিচাবে ৰখা হ'ল তাৰ প্ৰশ্ন উত্থাপন কৰে আছু নেতাগৰাকীয়ে ।

লগতে আজি পাঁচ দিন উকলি যোৱাৰ পাছতো মূল অভিযুক্তক আটক কৰিবলৈ ব্যৰ্থ হোৱা বিষয়টোক তীব্ৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই (Main accused of DU ragging incident)।

উল্লেখ্য যে, ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ(Dibrugarh University) ৰেগিংকাণ্ডৰ অন্যতম অভিযুক্ত কল্যাণ দত্তই আত্মসমৰ্পন কৰে শনিবাৰে ৷ ইয়াৰ লগতে মুঠ ৰেগিংকাণ্ড সন্দৰ্ভত 6 জনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷ শনিবাৰে আত্মসমৰ্পন কৰা কল্যাণ দত্ত ২৭ নৱেম্বৰৰ পৰা পলাতক হৈ আছিল ৷ আনহাতে এতিয়াও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৰেগিংকাণ্ডৰ মূল অভিযুক্তক ৷

লগতে পঢ়ক : DU ragging case : অভিযুক্ত কল্যাণ দত্তৰ আত্মসমৰ্পণৰ পাছতেই গ্ৰেপ্তাৰ আৰক্ষীৰ

Last Updated : Dec 3, 2022, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.