ETV Bharat / state

প্ৰতিষ্ঠা দিৱসতে আপ অসমে ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিব গাঁওযাত্ৰা কাৰ্যসূচী - আম আদমী পাৰ্টী

ডিব্ৰুগড়ৰ পৰা আৰম্ভণি হ’ব আপৰ গাঁওযাত্ৰা কাৰ্যসূচী ৷

aap will start gaon yatra program on its foundation day from dibrugarh
গাঁওযাত্ৰা কাৰ্যসূচী
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:54 PM IST

গাঁওযাত্ৰা কাৰ্যসূচী

ডিব্ৰুগড়, 23 নৱেম্বৰ : সমাগত লোকসভা নিবাৰ্চনক লৈ ৰাজ্যৰ শাসক বিৰোধী সকলো দল তৎপৰ হৈ পৰিছে । বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে অসমত কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হৈছে বিৰোধী ঐক্য । বিৰোধী ঐক্যৰ অন্তৰ্ভুক্ত আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিয়ে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী, বৰপেটা আৰু ধুবুৰী, এই পাঁচটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে কুচকাৱাজ চলোৱা আপ অসমে ২৬ নৱেম্বৰৰ পৰা গাঁও যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিব । ২৬ নৱেম্বৰৰ আপৰ প্ৰতিষ্ঠা দিৱসতে ডিব্ৰুগড়ত গাঁও যাত্ৰা কাৰ্যসূচী শুভাৰম্ভ কৰাৰ কথা ডিব্ৰুগড়ত বৃহস্পতিবাৰে জানিবলৈ দিয়ে আপ অসমৰ উপ-সভাপতি মনোজ ধানোৱাৰে ।

ডিব্ৰুগড় লোকসভা সমষ্টিত আপ অসমে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে চলাই থকা কুচকাৱাজৰ অংশ স্বৰূপে কেইবা হাজাৰ কৰ্মীক লৈ ডিব্ৰুগড়ত এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে আপ অসমে । ডিব্ৰুগড় জিলা সদৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এই গাঁও যাত্ৰা । গাঁও যাত্ৰাৰ প্ৰথম দিনা ডিব্ৰুগড়ৰ খনিকৰ, মানকটা আৰু বৰবৰুৱা পঞ্চায়তত যাত্ৰা কৰা হ’ব ।

এই গাঁও যাত্ৰা কাৰ্যসূচীৰ সময়তে গাঁৱে গাঁৱে নতুন বুথ কমিটি গঠন কৰিব দলটোৱে । এই কাৰ্যসূচীত আপ অসমৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰী, আপৰ প্ৰভাৰী ৰাজেশ শৰ্মাকে ধৰি আপ অসমৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব বুলি জানিবলৈ দিছে আপ অসমৰ উপ-সভাপতি মনোজ ধানোৱাৰে ।

মন কৰিবলগীয়া যে, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ইতিমধ্যে কংগ্ৰেছকে আদি কৰি একাধিক বিৰোধী দলে বিভিন্ন ধৰণৰ অভিযান আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : সবল গাঁও উন্নত অসম শ্ল’গানেৰে আৰম্ভ আপ অসমৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.