ডিব্ৰুগড়, ৫ মে': ডিব্ৰুগড়ত এইবাৰ আপৰ চমক । শ শ আম আদমী পাৰ্টিৰ কৰ্মীৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত । দুদিনৰ পূৰ্বে দিল্লীত আম আদমী পাৰ্টিত যোগদান কৰাৰ কংগ্ৰেছৰ প্ৰাক্তন যুৱনেতা মনোজ ধানোৱাৰক আদৰিবলৈ এনেদৰে শ শ আম আদমী পাৰ্টিৰ কৰ্মী উপস্থিত হয় ডিব্ৰুগডৰ মোহনবাৰী বিমান বন্দৰত(Manoj Dhanwar joins AAP) ।
আপৰ কৰ্মীসকলে অৰবিন্দ কেজৰিৱাল জিন্দাবাদ, মনোজ ধানোৱাৰ জিন্দাবাদ, ভাৰত মাতা কি জয়, জয় আই অসম আদি ধ্বনিৰে মনোজ ধানোৱাৰক উষ্ম আদৰণি জনায়(Dhanwar warm welcomes Aam Aadmi Party) । দিনৰ ১.৩০ মিনিটত মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই এক বিশাল বাইক ৰেলীৰ জৰিয়তে ডিব্ৰুগড়লৈ আদৰি অনা হয় মনোজ ধানোৱাৰক ।
ইয়াৰ পিছতেই সংবাদ মাধ্যমক সম্বোধন কৰি আপৰ নেতা গৰাকীয়ে কয় যে, বিজেপিৰ আমোলত সংঘটিত হোৱা ব্যাপক অনিয়ম আৰু দুৰ্নীতি প্ৰতিৰোধ কৰিবৰ বাবে অসমত আপৰ প্ৰয়োজনীয়তা আছে(AAP against corruption) । যাৰ বাবে কম সময়ৰ ভিতৰত আপে অসমত সুকীয়া এক পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে যুৱনেতা মনোজ ধানোৱাৰে ।
যুৱনেতা গৰাকীয়ে খুব কম দিনৰ ভিতৰতে অসমলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো আহিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত । আপৰ এই উত্থানে নিশ্চয়কৈ আন ইংগিত বহন কৰিছে অসমৰ ৰাজনীতিৰ প্ৰতি ।
লগতে পঢ়ক: বড়ো সাহিত্য সভাৰ অধিবেশনত ৰাষ্ট্ৰপতি; কৃতজ্ঞতা প্ৰকাশ বড়ো ৰাইজৰ