মৰাণ,13 জুন : চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাছালি সমবায় সমিতিৰ কাৰ্যালয়ৰ সমীপত এখন ট্ৰাক পথৰ ওপৰত ৰখাই থোৱা অৱস্থাতেই সোমাই পৰে দ খালত ৷ উল্লেখ্য যে, ৰৈ থকা ট্ৰাকখন তললৈ সোমাই গৈ এখন ৱাল ভাঙি এটা দ খালত বাগৰি পৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
বৰুৱাছালি মৌজাৰ সমবায় সমিতিলৈ অনা ২৯০ বেগ ভৰ্তি AS 09C 2719 নম্বৰ ট্ৰাক খন পথৰ ওপৰত ৰখাই থকা অৱস্থাত ক্ৰমান্বয়ে তললৈ সোমাই গৈ পথৰ কাষতে থকা বৰহাট পানী যোগান আচঁনিৰ এখন ৱাল ভাঙি এটা দ খালত সোমাই পৰে ।
এই ঘটনাৰ পাচতেই অতি নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ বাবেই পথৰ ওপৰত ৰখাই থোৱা ট্ৰাক খনৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনাইছে সচেতন মহলে।
লগতে পঢ়ক: ড্ৰাগছ ল’বলৈ নাপাই যুৱকে ধ্বংস কৰিলে ঘৰৰ বয়-বস্তু