ETV Bharat / state

পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন - ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান

আমুল পৰিৱৰ্তনৰ দাবীৰে স্বাস্থ্য বিভাগলৈ বছৰি আৱন্টিত হয় কোটি কোটি টকাৰ সম্পতি । যন্ত্ৰ পাতি, ঔষধ, আচবাব আনকি বিভাগটোলৈ অত্যাধুনিক সুবিধাৰ বাহনো পঠিওৱা হয় উন্নত আৰু শ্ৰেষ্ঠ স্বাস্থ্য সেৱা প্ৰদানৰ উদেশ্যে। ৰাজ্যৰ প্ৰায়ভাগ স্বাস্থ্য কেন্দ্ৰলৈ আবন্টিত হয় এনে মূল্যৱান সম্পাদক । কিন্তু এনে সম্পদ সদ ব্যৱহাৰ কিমান দূৰ হয় ?

a-special-vehicle-in-abandoned-condition
পৰিত্যক্ত অৱস্থাত থকা এখন বিশেষ বাহন
author img

By

Published : May 30, 2021, 7:59 PM IST

ডিব্ৰুগড়,30 মে': স্বাস্থ্য বিভাগলৈ আৱন্টিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ উন্নত প্ৰযুক্তিৰ এখন অত্যাধুনিক বাহন । বাহনখনক গছ-বনে গজালি মেলি ঢাকি পেলোৱাৰ লগতে চকাবোৰ মাটিত পচিবলৈ আৰম্ভ কৰিছে ৷

এই বাহনখনৰ ভিতৰত আছে একাংশ যন্ত্ৰ পাতি আৰু হাজাৰ হাজাৰ ঔষধ । অত্যাধুনিক সুবিধাযুক্ত স্বাস্থ্য বিভাগৰ বাহনখনকেইখন এটা বা দুটা সৰু বিজুতিৰ বাবে এনেদৰে পৰিত্যক্ত হৈ ৰৈছে ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ।

পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন

উল্লেখ্য যে, বাহনখনৰ কাষতে সক্ৰিয় অৱস্থাত আছে আন দুখন বাহন ৷ কিন্তু কিছুদিনৰ পাচতে হয়তো সেই কেইখন বাহনো এই অৱস্থাত পৰিণত হ’ব ৷

যেতিয়া কোনোবা গাঁৱত কোনোবা দুৰ্গম অঞ্চলত ৰোগীক ঠেলাত, বোকোচাত, চাঙীত তুলি স্বাস্থ্য কেন্দ্ৰলৈ জৰুৰীভাৱে নিয়াৰ দৃশ্য দেখা পোৱা যায় তেতিয়া এনেদৰে সুন্দৰ হৈ সাধাৰণ অজুহাতত পৰি ৰোৱা বাহনবোৰৰ দৃশ্যই ভবাই তোলে । এতিয়াও যেন পৰিৱৰ্তন বাকী ৰৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ৷

লগতে পঢ়ক: কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.