মৰাণ, 11 ডিচেম্বৰ: বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ভূমিৰ পুনৰ শ্ৰেণীকৰণ সম্বৰ্কে এখন সভা অনুষ্ঠিত কৰা হয় ৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত ভূমিৰ পুনৰ শ্ৰেণীকৰণৰ বাবে জিলা পৰ্যায়ৰ সমিতি সকলৰ লগত এখন বৈঠকত মিলিত হয় ৷ এই সভাতে ২৪ টাকৈ প্ৰস্তাৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে সমিতি কেইখনৰ লগত ৷
উল্লেখ্য যে, অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু সাতটাকৈ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত কৃষি ভূমিক অন্যান্য শ্ৰেণী যেনে ঔদ্যোগিক, ব্যৱসায়িক আৰু আৱাসিক ভূমিলৈ শ্ৰেণীকৰণ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে এই সভাতে ২০ টাকৈ প্ৰস্তাৱক যোগ্যতাৰ ভিত্তিত সন্মতি প্ৰদান কৰে ৷ এই প্ৰস্তাৱ সমূহ কম দিনৰ ভিতৰতে জিলা প্ৰশাসনে কাৰ্যকৰী কৰিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: মহানগৰীৰ বশিষ্ঠত বিধ্বংসী অগ্নিকাণ্ড