ETV Bharat / state

বৃদ্ধ বয়সতো জীৱন সংগ্ৰামত ব্ৰতী খোৱাঙৰ পাৰুল সোণোৱাল - জীৱন সংগ্ৰাম

ডিব্ৰুগড়ৰ খোৱাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰতিদিনেই গ্ৰাহকৰ বাবে অপেক্ষা কৰে পাৰুল সোণোৱাল নামৰ এগৰাকী বৃদ্ধাই ৷ চৰকাৰৰ সাহাৰ্য-সুবিধাৰ পৰা বঞ্চিত হোৱা বৃদ্ধাগৰাকীয়ে পৰিয়ালটোৰ অভাৱ দূৰ কৰিবলৈ নিজেই পুৱা ঘৰৰ লগতে গাঁৱৰ পৰা দুই-এপদ সামগ্ৰী আনি খোৱাং আঠাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা শিলৰ টিলাত বহি গ্ৰাহকৰ বাবে অপেক্ষা কৰে ।

A Poor Women Of Moran
বৃদ্ধ বয়সতো জীৱন সংগ্ৰামত ব্ৰতী খোৱাঙৰ পাৰুল সোণোৱাল
author img

By

Published : May 9, 2021, 8:50 PM IST

মৰাণ,9মে': জীৱন বহুতৰে বাবে লাহ-বিলাহ তথা আনন্দ-উপভোগৰ আহিলা হ'লেও বহুতৰে বাবে জীৱন সংগ্ৰাম কষ্টকৰ । পিছে সংগ্ৰাম কৰি জীৱন উপভোগ কৰিব পৰাটো এক মাদকতা আছে । তথাপিও কিছু লোকৰ জীৱন সংগ্ৰামে বিভিন্ন সময়ত আৱেগিক কৰি তোলে । তেনে এক দৃশ্য সদায়ে দেখা পোৱা যায় খোৱাঙত ৷ ডিব্ৰুগড়ৰ খোৱাঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰতিদিনেই গ্ৰাহকৰ বাবে অপেক্ষা কৰে পাৰুল সোণোৱাল নামৰ এগৰাকী বৃদ্ধাই ৷ চৰকাৰৰ সাহাৰ্য-সুবিধাৰ পৰা বঞ্চিত হোৱা বৃদ্ধাগৰাকীয়ে পৰিয়ালটোৰ অভাৱ দূৰ কৰিবলৈ নিজেই পুৱা ঘৰৰ লগতে গাঁৱৰ পৰা দুই-এপদ সামগ্ৰী আনি খোৱাং আঠাবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা শিলৰ টিলাত বহি গ্ৰাহকৰ বাবে অপেক্ষা কৰে ।

বৃদ্ধ বয়সতো জীৱন সংগ্ৰামত ব্ৰতী খোৱাঙৰ পাৰুল সোণোৱাল

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গ'লে বহুতে বৃদ্ধা গৰাকীৰ ওচৰত ৰৈ কিনি নিয়ে শাক-পাচলি । বৃদ্ধাগৰাকীয়ে জানিবলৈ দিয়া মতে,বহুতেই পাচলিৰ মূল্যতকৈ বেছি পইচা দি পাচলি লৈ যায় । আনহাতে,ঘৰত একমাত্ৰ দিনহাজিৰা কৰা পুত্ৰক কিছু সকাহ দিয়াৰ বাবেই এইদৰে বৃদ্ধ বয়সটো জীৱন সংগ্ৰাম চলাই নিয়াৰ কথা জানিবলৈ দিয়ে পাৰুল সোণোৱাল নামৰ বৃদ্ধাগৰাকীয়ে । বৃ্দ্ধাগৰাকীৰ এই কৰ্ম উদ্যমে বাৰুকৈয়ে আৱেগিক কৰি তোলে প্ৰতিগৰাকী পথচাৰীক ৷ প্ৰশ্ন হয়, চৰকাৰৰ কৃপা দৃষ্টি পৰিব নে দুবেলা-দুমুঠি খাবলৈ চিন্তা কৰিবলগীয়া হোৱা এই গৰাকী দৰিদ্ৰ বৃদ্ধাৰ ওপৰত ? সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:সৰ্বানন্দ সোণোৱালৰ সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.