ETV Bharat / state

ৰূপা দাসক এতিয়া প্ৰয়োজন এধানি সহায়ৰ - কৰ্কট ৰোগ

ডিব্ৰুগড়ৰ ৰূপা দাসক প্ৰয়োজন চৰকাৰ তথা সাধৰণ ৰাইজৰ ৷ ৰূপা দাস আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত ৷ প্ৰায় 6 মাহে এই ৰোগত আক্ৰান্ত হৈ মহিলাগৰাকী আৱদ্ধ হৈ আছে নিজ গৃহত ৷

A mother suffering from Cancer in Dibrugarh
দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ ৰূপা দাস
author img

By

Published : Nov 16, 2020, 9:58 PM IST

ডিব্ৰুগড়,16 নৱেম্বৰ: মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় জিলাত এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন ৷ জিলাখনৰ চহৰীকটাৰ ১ নং মাজুলীৰ লক্ষীন্দ দাসৰ পত্নী ৰূপা দাস দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছে কৰ্কট ৰোগত ৷ এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ৰূপাই প্ৰায় ৬ মাহে আৱদ্ধ হৈ আছে ঘৰতে ৷ ইতিমধ্যে পত্নীৰ চিকিৎসাৰ বাবে স্বামী লক্ষীন্দ দাসে বিক্ৰী কৰিছে ঘৰৰ সকলো সম্পত্তি ৷ মহিলা গৰাকীৰ আছে এটি শিশু ৷ মাতৃৰ অসুখৰ বাবে শিশুটিয়ে বঞ্চিত হ'বলগীয়া হৈছে মাতৃস্নেহৰ পৰা ৷ যাৰ বাবে অসুখীয়া মাতৃ গৰাকীয়ে চৰকাৰ তথা হৃদয়ৱান লোকৰ পৰা বিচাৰিছে অলপ সহায় ৷

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত ডিব্ৰুগড়ৰ ৰূপা দাস

মহিলাগৰাকীৰ মন্তব্য অনুসৰি, স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি 'অমৃত অভিযান আঁচনি'ৰ পৰাও উপকৃত হ'ব পৰা নাই মহিলা গৰাকী । প্ৰায় 6 মাহে বেমাৰত ভূগি থকা অসুখীয়া মহিলা গৰাকীৰ কাষত উপস্থিত হোৱা নাই কোনো এজন জন প্ৰতিনিধি ৷ যাৰ বাবে উপায়ন্তৰ হৈ মহিলাগৰাকী অৱশেষত কাষ চাপে সাংবাদিকৰ ৷ সাংবাদিকৰ জৰিয়তে চৰকাৰ তথা হৃদয়ৱান লোকৰ পৰা মহিলাগৰাকীয়ে বিচাৰে সহায় ৷ মহিলা গৰাকীক সহায় কৰিব বিচৰা ইচ্ছুক লোকসকলে 9435677992 নম্বৰত যোগাযোগ কৰি কৰিব পাৰিব সহায় ৷

অন্য এক খবৰৰ বাবে: বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.