ETV Bharat / state

মৰাণত লাচিত দিৱস উদযাপনক লৈ জিলা উপায়ুক্তৰ বৈঠক

ডিব্ৰুগড়ৰ মৰাণত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস পালনৰ প্ৰস্তুতি। COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্বাস্থ্যবিধি মানি লাচিত দিৱস উদযাপনৰ পৰিকল্পনা। লাচিত দিৱসৰ কাৰ্যসূচী সন্দৰ্ভত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক।

মৰাণত লাচিত দিৱস উদযাপনক লৈ জিলা উপায়ুক্তৰ বৈঠক
মৰাণত লাচিত দিৱস উদযাপনক লৈ জিলা উপায়ুক্তৰ বৈঠক
author img

By

Published : Nov 20, 2020, 1:21 PM IST

মৰাণ, ২০ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব লাচিত দিৱস । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অহা ২৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচী সন্দৰ্ভত বৃহস্পতিবাৰে এখন সভা অনুষ্ঠিত হয় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশ লয় সাংস্কৃতিক বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আদি বিভাগৰ বিষয়ববীয়াই ।

মৰাণত লাচিত দিৱস উদযাপনক লৈ জিলা উপায়ুক্তৰ বৈঠক
মৰাণত লাচিত দিৱস উদযাপনক লৈ জিলা উপায়ুক্তৰ বৈঠক

COVID-19ৰ প্ৰট'কল মানি পালন কৰা হ'ব লাচিত দিৱস । লাচিত দিৱস উদযাপনথলীত অনাময় ব্যৱস্থা, পেণ্ডেল,পাৰ্কিঙৰ ব্যৱস্থা আদি দিশসমূহ নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই সভাত বিভাগৰ বিষয়াসকলক জিলা উপায়ুক্তই নিৰ্দেশ দিয়ে । সকলো কাৰ্যসূচীৰ বিষয়ে বিষদভাৱে আলোচনা কৰে জিলা উপায়ুক্তই । মহামাৰী সংক্ৰমণ ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে জিলা উপায়ুক্তই । অহা ২৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া লাচিত দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মন্ত্ৰী নৱ দলেই ।

লগতে পঢ়ক:কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.