মৰাণ, ২৩ অক্টোবৰ: প্ৰতি বছৰে প্ৰলয়ংকৰী বানে সৰ্বস্বান্ত কৰা ডিব্ৰুগড়ৰ মৰাণৰ দুৰ্ভগীয়া ৰাইজৰ বাবে নিৰ্মাণ কৰা হৈছে ওখ ভেঁটি আৰু আশ্ৰয়স্থলী। মৰাণ বিধানসভা সমষ্টিৰ লেজাই কলাখোৱা,গৰুধৰীয়া আদিকে ধৰি সমষ্টিটোৰ প্ৰায় কেইবাটাও অঞ্চল প্ৰতি বছৰে বানৰ কবলত পৰে। বানৰ সময়ত ৰাইজে আশ্ৰয় শিবিৰত থাকে যদিও পোহনীয়া জীৱ-জন্তু মৃত্যুৰ মুখত পৰে। ফলত কৃষক ৰাইজৰ যথেষ্ট ক্ষতি হয়।
এই দৰিদ্ৰ কৃষিজীৱি ৰাইজৰ সমস্যাৰ ওপৰত গুৰুত্ব দি বান প্ৰকোপ বেছি হোৱা ঠাইত ওখ ভেঁটি আৰু পকী আশ্ৰয়স্থল নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰ পৰা আগবঢ়োৱা ১০ লাখ টকা ব্যয়েৰে গৰুধৰীয়া পঞ্চায়তৰ অন্তৰ্গত ১নং চৰাইহাবি গাঁৱৰ ৰাইজৰ লগতে বিশেষকৈ জীৱ-জন্তুবোৰে কিছু সকাহ পাব পৰাকৈ স্থাপন কৰা আশ্ৰয়স্থল বৃহস্পতিবাৰে উদ্ধোধন কৰা হয়। মুখ্যমন্ত্ৰীৰ হৈ উদ্ধোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে গৰুধৰীয়া পঞ্চায়তৰ সভানেত্ৰী নিতুমণি চেতীয়া গগৈ,আঞ্চলিক পঞ্চায়তৰ সদস্যা,কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ ৰাইজ। এই প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীক গৰুধৰীয়া ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
লগতে পঢ়ক:আজি মহাসপ্তমী: গুৱাহাটীত কোভিড নিয়মৰ মাজেৰেই চলিছে পূজা