ETV Bharat / state

টিংখাঙৰ এগৰাকী লোকে একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এটা আধুনিক ঢেঁকী - jiten kakoti

বিহুৰ প্ৰাক্ক্ষণত টিংখাঙৰ এগৰাকী লোকে একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এটা আধুনিক ঢেঁকী ৷ যি ঢেঁকীৰ সহায়ত কম সময়ৰ ভিতৰতে খুন্দি উলিয়াব পাৰি অধিক চাউল ৷

একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এটা আধুনিক ঢেঁকী
একক প্ৰচেষ্টাৰে সাজি উলিয়াইছে এটা আধুনিক ঢেঁকী
author img

By

Published : Jan 6, 2020, 10:40 AM IST

টিংখাং, 6 জানুৱাৰী: মাজত মাত্ৰ কেইটামান দিন ৷ সমাগত অসমীয়াৰ হেপাহৰ ভোগালী বিহু, ৰাজ্যজুৰি প্ৰস্তুতি তুংগত ৷ বিহুৰ প্ৰাকক্ষণত ব্যস্ততা বাঢ়িছে টিংখাঙৰ এগৰাকী লোকৰ ৷ টিংখাঙৰ অন্তৰ্গত লেৰেলাপথাৰ গাঁৱৰ জিতেন কাকতি নামৰ লোকজলে সাজি উলিয়াইছে এটা বিশেষ ঢেঁকী ৷ আধুনিকতাৰ ধামখুমীয়াত অসমীয়া চহা জীৱনৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হোৱা এই আপুৰুগীয়া সম্পদৰ পূৰ্বৰ জনপ্ৰিয়তা ঘুৰাই অনাৰ প্ৰয়াস কৰিছে এইগৰাকী লোকে ৷ নিজৰ একক প্ৰচেষ্টাৰে সাজি উলিওৱা আধুনিক ঢেঁকীটো আকাৰত সৰু ৷ এই ঢেঁকীৰ বাবে আপুনি পাতিব নালাগে ঢেঁকীশাল ৷ ঢেঁকীটোৰ লগতে সংলগ্ন হৈ থাকে খুবলিও ৷ ইচ্ছানুযায়ী আপুনি স্থানান্তৰ কৰিব পাৰে ঢেঁকীটো ৷ লগতে অতি কম ওজনৰ এই ঢেঁকীত 20 মিনিটতে খুন্দি শেষ কৰিব পাৰি 2 কেজিতকৈয়ো অধিক চাউল ৷

এটা আধুনিক ঢেঁকী

২০১৫ চনতে এই আধুনিক ঢেঁকীক J.K Udyog নামেৰে চৰকাৰী পঞ্জীয়ন কৰি জিতেন কাকতীয়ে বিক্ৰী কৰি আহিছে ৷ শিলিখা কাঠেৰে নিৰ্মিত এই আধুনিক ঢেঁকীটোৰ মূল্য ৬০০০ টকা ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰাজ্যতো ঢেঁকী বিক্ৰী কৰিছে কাকতিয়ে ৷ নিজৰ বাসগৃহতে গঢ়ি তোলা ঢেঁকীৰ উদ্যোগটোৰে স্বাৱলম্বী হোৱাৰ লগতে নিজৰ চাৰিজনীয়া পৰিয়ালটোও সুন্দৰকৈ চলাই আছে জিতেন কাকতিয়ে ৷

লগতে পঢ়ক: অকৰ্মণ্য অসম ক্ৰীড়া সংস্থাঃ লজ্জানত অসমবাসী

Intro:ভোগালীৰ প্ৰাক ক্ষনত বৃদ্ধি পাইছে আধুনিক ঢেঁকীৰ চাহিদা

Body:টিংখাং- ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। বিহুৰ প্ৰাকক্ষণত সীমাহীন ব্যস্ততা বাঢ়িছে টিংখাঙৰ এজন ব‍্যক্তিৰ ।টিংখাঙৰ লেৰেলাপথাৰ গাঁৱৰ জিতেন কাকতীয়ে উদ্ভাৱন কৰিছে এই বিশেষ ঢেঁকীৰ। আধুনিকতাৰ ধামখুমীয়াত অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাবলৈ ধৰাৰ ঢেঁকীৰ পূৰ্বৰ জনপ্ৰিয়তা ঘূৰাই অনাৰ প্ৰচেষ্টাত ব্ৰতী জিতেন কাকতি। নিজৰ একক প্ৰচেষ্টাৰে সাঁজি উলিয়াইছে এবিধ আধুনিক ঢেঁকী। সাধাৰণ ঢেঁকীতকৈ আকাৰত সৰু এই ঢেকীৰ বাবে আপুনি পাতিব নালাগে ঢেঁকীশাল। এই ঢেঁকীৰ লগত সংলগ্ন হৈ থাকে খুবলি বা গাড়ীশলি। যাৰ বাবে আপুনি ইচ্ছা অনুযায়ী সলাব পাৰে ঢেঁকীৰ স্থান। কি পাকঘৰ , কি শোৱনী কোঠা সকলোতে ব্যৱহাৰ কৰিব পাৰে এই ঢেঁকী। সহজে কঢ়িয়াই নিব পাৰে ইঘৰৰ পৰা সিঘৰলৈ। অতি কম শব্দৰ এই ঢেঁকীত ২০ মিনিটত দুই কেজিতকৈ অধিক চাওল খুন্দিব পাৰি।

Byte - 1 জিতেন কাকতী।

Conclusion:২০১৫ চনতে এই আধুনিক ঢেঁকীক J.K Udyog নামেৰে চৰকাৰী পঞ্জীয়ন কৰি জিতেন কাকতীয়ে বিক্ৰী কৰি আহিছে। শিলিখা কাঠেৰে নিৰ্মিত এটা আধুনিক ঢেঁকীৰ দাম ৬০০০ টকা। অসমৰ বিভিন্ন প্ৰান্তত লগতে বহিৰাজ‍্যলৈও ঢেঁকী বিক্ৰী কৰিছে জিতেন কাকতিয়ে। নিজৰ বাসগৃহতে গঢ়ি তুলিছে এই ঢেঁকী উদ্যোগটো। ঢ়েকী বিক্ৰী কৰি স্বাৱলম্বীতাৰ হোৱাৰ লগতে নিজৰ চাৰিজনীয়া পৰিয়ালটো সুন্দৰকৈ চলাই আছে। ভোগালী বিহুৰ পূৰ্বে দিনে-নিশাই ব্যস্ত এতিয়া কাকতী।

বাইট-২ পত্নী।

টিংখাঙৰ পৰা দীপক গগৈ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.