ডিব্ৰুগড়, ২১ অক্টোবৰ: ডিব্ৰুগড়ত দুৰ্গা পূজাৰ দশমীৰ নিশা হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াৰ লগে লগে এজনৰ পাচত আনজন কিশোৰ আৰক্ষীৰ জালত পৰিছে । এতিয়ালৈকে আৰক্ষীয়ে আঠজন লোকক আটক কৰিছে । ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা আঠজন অভিযুক্তৰ ভিতৰত ৫ জনেই কিশোৰ । উল্লেখ্য যে, দুৰ্গা পূজাৰ দশমীৰ নিশা এদল উদণ্ড লোকে চিন্ময় শইকীয়া নামৰ যুৱকজনক হত্যা কৰিছিল ।
ৰখাই থোৱা এখন চাইকেল আঁতৰাবলৈ কোৱাৰ বাবেই ৰাজপথতে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল চিন্ময়ক । নিশা দেৱী বিসৰ্জন পৰ্ব চলি থকাৰ মাজতে এই লোমহৰ্ষক ঘটনা সংঘটিত হয় । মৃত চিন্ময় শইকীয়াৰ ঘৰ মৰিগাঁও জিলাত । ডিব্ৰুগড়ৰ হোটেল লিটল পেলেচৰ কৰ্মচাৰী আছিল যুৱকজন ।
ঘটনাৰ নিশা নিজৰ কৰ্তব্যস্থলীৰ পৰা ঘৰমুৱা হৈছিল চিন্ময় শইকীয়া । সেই সময়তে ডিব্ৰুগড়ৰ মথাউৰি কাষৰ কয়লা ঘাটত এখন ৰখাই থোৱা চাইকেল আঁতৰাবলৈ অনুৰোধ কৰিছিল চিন্ময়ে ।
কিন্ত সেই সামান্য কথাতেই উদণ্ড যুৱক আৰু কিশোৰৰ দলটোৱে অকলশৰীয়া চিন্ময়ক উপৰ্যুপৰি প্ৰহাৰ কৰে । এই সংকটজনক অৱস্থাত চিন্ময়ক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও সেই নিশাই তেওঁৰ মৃত্যু হয় । ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
মঙলবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে চহৰখনৰ বিভিন্ন ঠাইৰ পৰা আঠজন অভিযুক্তক আটক কৰে । লক্ষণীয়ভাৱে ইয়াৰে ৫গৰাকী কিশোৰ । আন তিনি গৰাকী হৈছে তাজিমুদ্দিন আহমেদ, টিংকল নাথ, আৰু প্ৰিন্স হাজৰিকা । ইফালে এই হত্যাকাণ্ডৰ সৈতে জড়িত আন কেইবাজনো অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে ।