ETV Bharat / state

Making road at own expense: খেলুৱৈৰ বাবেই এটা পথ নিৰ্মাণ কৰিলে এজন ব্যক্তিয়ে - খেলুৱৈৰ বাবেই এটা পথ নিৰ্মাণ কৰিলে এজন ব্যক্তিয়ে

চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এজন ব্যক্তিয়ে । এজন খেলুৱৈৰ বাবে লাহোৱালৰ এখন গাঁৱৰ পথ নিৰ্মাণ কৰি দিলে অজয় গগৈ নামৰ এগৰাকী মানৱদৰদী ব্যক্তিয়ে ।

A man has made a road for a player in Dibrugarh
খেলুৱৈৰ বাবেই এটা পথ নিৰ্মাণ কৰিলে এজন ব্যক্তিয়ে
author img

By

Published : Jun 26, 2023, 8:46 PM IST

খেলুৱৈৰ বাবেই এটা পথ নিৰ্মাণ কৰিলে এজন ব্যক্তিয়ে

ডিব্ৰুগড়,২৬ জুন: চৰকাৰে কৰিব লগা কাম কৰি দেখুৱালে এজন সাধাৰণ ব্যক্তিয়ে । এজন খেলুৱৈৰ বাবে এজন ব্যক্তিয়ে নিৰ্মাণ কৰিলে এটি পথ । খেলুৱৈজনৰ নাম নয়ন কোঁৱৰ । লাহোৱালৰ সৰুপথাৰৰ গাঁৱত বসবাস কৰে এইজন খেলুৱৈয়ে ১৬ জুলাইৰ পৰা ছুইডেনত অনুষ্ঠিত হৈ থকা বিশ্বৰ আগশাৰীৰ জুনিয়ৰ ফুটবল প্ৰতিযোগিতা 'Gothia Cup'ত অসমৰ পৰা একমাত্ৰ খেলুৱৈ হিচাপে ভাৰতীয় দলৰ হৈ খেলিবৰ বাবে সুযোগ লাভ কৰিছে এইগৰাকী খেলুৱৈয়ে ।

কিন্তু, খেলুৱৈজনে সদায় অহা-যোৱা কৰা ৰাস্তাটো আছিল বোকাময় । বোকা ৰাস্তাৰে খেলুৱৈজনে স্কুল আৰু শাৰীৰিক ব্যায়াম কৰিবলগীয়া হৈছিল আৰু সংবাদ মাধ্যমত প্ৰকাশ হৈছিল সমগ্ৰ ঘটনা । সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱা পিছতেই খেলুৱৈজনৰ সৰুপথাৰ গাঁৱৰ এই সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিল লাহোৱাল ইকৰাতলী অঞ্চলৰ এগৰাকী উদ্যমী ব্যক্তি অজয় গগৈ ৷

অজয় গগৈয়ে নিজৰ ব্যক্তিগত ধনেৰে ৰাইজৰ সহযোগত সৰুপথাৰ গাঁৱৰ পথটো নিৰ্মাণ কৰি দীৰ্ঘদিনীয়া গাঁওখনৰ সমস্যা দুৰ কৰিলে । চৰকাৰলৈ বাট নাচাই এইগৰাকী মানৱ দৰদী ব্যক্তিয়ে অঞ্চলটোৰ এনে সমস্যা সমাধান কৰি দিয়াত গাঁৱৰ ৰাইজে অজয় গগৈক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে । এগৰাকী খেলুৱৈৰ বাবে চৰকাৰে নকৰা কাম এটা এইগৰাকী ব্যক্তিয়ে সমাধান কৰি দিয়াত এতিয়া অজয় গগৈৰ মহানুভৱতা সৰ্বত্ৰে চৰ্চিত হৈছে ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ইকৰাতলী গাঁও পঞ্চায়তৰ সৰুপথাৰ গাঁৱৰ বিৰু কোঁৱৰ আৰু মাতৃ মনিকা কোঁৱৰৰ দ্বিতীয় পুত্ৰ নয়ন কোঁৱৰ অহা ১৬ জুলাই ২০২৩ ৰ পৰা ইউৰোপ মহাদেশৰ ছুইডেনত অনুষ্ঠিত হ'বলগা ফুটবলৰ বৃহৎ টুৰ্ণামেণ্ট Gothia cup খেলিবৰ বাবে নিৰ্বাচিত হৈছে । সৰুৰে পৰা ফুটবল খেলি ভাল পোৱা নয়নে ককাইকৰ লগতে প্ৰথমে ঘৰ চৌহদতে খেলিছিল টেঙা বল ।

ইয়াৰ পাছতেই ডিব্ৰুগড়তে ফুটবল প্ৰশিক্ষণ শিবিৰত অংশ লৈছিল । শেহতীয়াকৈ পুনেত অনুষ্ঠিত এমহীয়া বাচনি শিবিৰত যোগদান কৰাৰ পাছতেই নয়ন নিৰ্বাচিত হৈছিল ভাৰতীয় দললৈ । এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে নয়নে বিশ্ব জয় কৰি গৌৰৱ কঢ়িয়াই অনিব উক্ত অঞ্চলৰ লগতে সমগ্ৰ ৰাজ্যলৈ ।

লগতে পঢ়ক: Karbi Anglong road condition:বাৰিষাৰ ঢলে উটুৱাই নিলে ওলমা দলং, ৰাইজৰ বিলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.