ETV Bharat / state

গামোচাত জিলিকিছে সৰ্বা-হিমন্ত

author img

By

Published : Jul 29, 2020, 2:11 PM IST

মৰাণ বিধানসভা সমষ্টিৰ জামিৰা পাত্ৰ গাঁৱৰ বাসিন্দা ৰুবী পাত্ৰই গামোচাত অংকন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি ৷ মন্ত্ৰী দুগৰাকীক কৃতজ্ঞতা জনোৱাৰ স্বাৰ্থতে যুৱতীগৰাকীয়ে এইদৰে বৈ উলিয়াই মন্ত্ৰী দুগৰাকীৰ প্ৰতিচ্ছবি ৷

A lady of moran draw CM And health minister in a gamucha dibrugarh assam etv bharat news
গামোচাত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক অংকন

মৰাণ,29 জুলাই: অসমীয়া শিপিনীয়ে তাঁতত সপোন ৰচিব জানে ৷ জানে ছাঁতে শুকুৱা মুঠিতে লুকুওৱা কাপোৰ ব’ব ৷ অতীতৰে পৰা তাঁতশালত এক বিশেষ দখল আছে অসমীয়া জীয়ৰী-বোৱাৰীৰ ৷ এই কথা প্ৰমাণ কৰিছে ডিব্ৰুগড়ৰ সমীপৱৰ্তী মৰাণ বিধানসভা সমষ্টিৰ জামিৰা পাত্ৰ গাঁৱৰ বাসিন্দা ৰুবী পাত্ৰই ৷ ৰুবীয়ে গামোচাত অংকন কৰিছে বুটাবছা ফুলৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি ৷ ক’ভিড 19 আৰু বানৰ বাবে ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দুয়োগৰাকী মন্ত্ৰীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ ঢপলিয়াই ফুৰিছে ৷ চিকিৎসক তথা স্বাস্থ্য কৰ্মী, আৰক্ষীকে ধৰি সকলো প্ৰকাৰৰ জৰুৰীকালীন সেৱাত নিয়োজিত ব্যক্তিসকলৰ মানসিক উৎসাহ বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখিছে মন্ত্ৰী দুগৰাকীয়ে ৷ মন্ত্ৰী দুগৰাকীক কৃতজ্ঞতা জনোৱাৰ স্বাৰ্থতে যুৱতীগৰাকীয়ে এইদৰে বৈ উলিয়াই মন্ত্ৰী দুগৰাকীৰ প্ৰতিচ্ছবি ৷

তদুপৰি গামোচা দুখনত ৰঙা সূতাৰে ফুল তুলি বৈ উলিয়াইছে অসমৰ জাতীয় সংগীত অ’ মোৰ আপোনাৰ দেশ ৷ পাঁচ ফুট দৈৰ্ঘৰ গামোচাখনত বাৰটা শাৰীৰে জাতীয় সংগীতটো স্পষ্টকৈ তুলি ধৰিছে শিপিনীগৰাকীয়ে ৷ শিপিনী গৰাকীৰ হাতৰ পৰশত দৃষ্টিনন্দন হৈ পৰা গামোচা দুখন প্ৰত্যক্ষ কৰিবলৈ ৰুবীৰ বাসগৃহত ভিৰ কৰিছেহি বহুজনে ৷ লগতে এনে কাৰ্যৰ শলাগ লোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰিছে ৰুবী পাত্ৰ নামৰ শিপিনীগৰাকীক ৷

লগতে চাওকঃ খহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগৰ স্বীকৃতি প্ৰধানমন্ত্ৰীৰ : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.