ETV Bharat / state

আৰ্থিক দীনতাই কোঙা কৰা মৰাণৰ এটা পৰিয়াল

author img

By

Published : Sep 24, 2020, 1:21 PM IST

পুত্ৰ-কন্যাক লৈ অসহায় মৰাণৰ এগৰাকী মহিলা ৷ আৰ্থিক দীনতাই কোঙা কৰি পেলাইছে তেওঁলোকক ৷ তাৰ পাচতো কোনো এখন চৰকাৰী আঁচনিয়েই ঢুকি পোৱা নাই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক ৷

মৰাণৰ এটা পৰিয়াল
মৰাণৰ এটা পৰিয়াল

মৰাণ, 24 ছেপ্তেম্বৰ : আৰ্থিক দীনতাই কোঙা কৰি পেলোৱা এটা পৰিয়াল ৷ ৰুগীয়া পুত্ৰ-কন্যাৰ চিকিৎসাৰ বাবে নাই হাতত ধন ৷ চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত পৰিয়ালটো ৷ আধুনিকতা আৰু ভোগ বিলাসত বহু জনে জীৱন উপভোগ কৰিছে যদিও, একাংশ লোক বঞ্চিত হৈ আছে দুবেলাৰ দুসাজৰ পৰাও ৷ তেনে একাংশ লোকৰে অন্যতম হৈছে ডিব্ৰুগড় জিলাৰ 115 নং মৰাণ বিধানসভা সমষ্টিৰ কুটুহা গাঁও পঞ্চায়তৰ জকাই ঘৰীয়া গাঁৱৰ এটা পৰিয়াল ৷

আৰ্থিক দীনতাই কোঙা কৰা মৰাণৰ এটা পৰিয়াল

কেইবছৰমান পূৰ্বে মাছমৰীয়া স্বামীৰ মৃত্যু হোৱাত দুই সন্তানক সাহস হিচাপে লৈ জীৱন সংগ্ৰাম কৰি হৈছে গাঁও খনৰ ৰেখামণি দাস নামৰ মহিলগৰাকীয়ে ৷ ৰেখামণিয়ে দিন হাজিৰা কৰিবলৈ ওলাই নগ'লে তেওঁলোকৰ ঘৰৰ চৌকাত জুই নজ্বলে ৷ তেনে পৰিস্থিতিত বিগত এমাহে শয্যাশায়ী হৈ আছে মহিলাগৰাকীৰ দুই সন্তান ৷ কিন্তু অসহায় মাতৃ ৰেখামণি ৷ কিয়নো তেওঁৰ হাতত নাই দুই সন্তানৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন ৷ চৰকাৰটো দূৰৰে কথা গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰো তেওঁলোকৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতাখিনি নথকাৰ অভিযোগদ উত্থাপন কৰিছে একাংশই ৷ থাকিবলৈ এটা ভাল ঘৰ নোহোৱা পৰিয়ালটো আনকি আজিলৈ নাপালে চৰকাৰী আৱাস যোজনাৰ এটা ঘৰো ৷ চৰকাৰৰ কোনো এখন আঁচনিয়েই স্পৰ্শ কৰিব নোৱাৰা পৰিায়ালটোক সম্প্ৰতি লাগে কিছু সহায়ৰ হাত ৷ যাৰ বাবে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজেও তেওঁলোকৰ বাবে সংবাদ মাধ্যমযোগে বিচাৰিলে চৰকাৰ কিম্বা দল-সংগঠনসমূহ সহায় ৷

লগতে পঢ়ক: ইটিভি বাতৰিৰ প্ৰভাৱ: ৰঙিয়া পলিক্লিনিক হস্পিতাল কৰ্তৃপক্ষৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.