ETV Bharat / state

মৰাণৰ বিদ্যালয়ে উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ ছবি - moran scool cries for government attention

মৰাণৰ এখন বিদ্যালয়ৰ তথৈবচ অৱস্থাই উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ ছবি ৷ উৱলি যোৱা শ্ৰেণীকোঠাৰ লগতে বৃহৎ ফুটা থকা টিনপাতৰ তলতে পাঠগ্ৰহণ কৰিবলগীয়া হৈছে মৰাণৰ সাৰুৱাছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷

a government school in moran demands government attention

author img

By

Published : Mar 4, 2021, 10:46 AM IST

মৰাণ,4 মাৰ্চ: উৱলি যোৱা শ্ৰেণীকোঠাৰ লগতে টিনপাত নথকাৰ ফলত ৰ'দ-বৰষুণৰ মাজতে একপ্ৰকাৰ অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষাগ্ৰহণ কৰিবলৈ বাধ্য হৈছে মৰাণৰ সাৰুৱাছিগা উচ্চ মাধ্যমিক বিদ্যলয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ বিদ্যালয়খনৰ তথৈবচ অৱস্থাই শিক্ষা বিভাগৰ উন্নয়নৰ প্ৰকৃত ছবিখনকে উদঙাই দিছে ৷ উত্থাপিত অভিযোগ অনুসৰি, অতি পুৰণি বিদ্যালয়খনৰ মূল গৃহটো উৱলি যোৱাৰ লগতে টিনসমূহো বতাহ-বৰষুণত নষ্ট হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ৰ'দ-বৰষুণ একাকাৰ কৰি পাঠগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

উৱলি যোৱা শ্ৰেণীকোঠাতে বিদ্যলয়খনত চলিছে পাঠদান

বিদ্যালয়খনৰ শিক্ষকে জানিবলৈ দিয়ে যে, বিদ্যালয় গৃহটো মেৰামতি কৰাৰ বাবে শিক্ষা বিভাগক বাৰে বাৰে আবেদন জনোৱা হৈছে যদিও বিভাগৰ পৰা আজিকোপতি কোনো ধৰণৰ গুৰুত্ব লাভ কৰা নাই ৷ জৰাজীৰ্ণ বিদ্যালয় গৃহত শিক্ষাদান কৰাৰ ক্ষেত্ৰত নানান সমস্যাৰ সন্মুখীন হোৱা বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ জৰিয়তে গৃহটো মেৰামতি কৰাৰ বাবে আহ্বান জনাইছে চৰকাৰক ৷

লগতে পঢ়ক: ভালুকৰ সাঙিলৈ পৰিণত হৈছে টিংখাং মহাবিদ্যালয়ৰ গৱেষণাৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.