ETV Bharat / state

ডিব্ৰুগড়ৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড

ৰহমৰীয়াত যুৱকক হত্যা। পুতি থোৱা অৱস্থাত নাৰায়ণ দুৱৰা নামৰ যুৱজনৰ মৃতদেহ উদ্ধাৰ। হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ।

author img

By

Published : Nov 4, 2020, 1:35 PM IST

ডিব্ৰুগড়ৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড
ডিব্ৰুগড়ৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড

ডিব্ৰুগড়, ৪ নৱেম্বৰ: ডিব্ৰুগড়ৰ ৰহমৰীয়াত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। এজন যুৱকক হত্যা কৰি মৃতদেহ পুতি থ'লে গাঁতত। মৃত যুৱকজনৰ নাম নাৰায়ণ দুৱৰা। দেওবাৰে সংঘটিত হয় এই নিৰ্মম ঘটনা। ৰহমৰীয়াৰ গেলেকী অঞ্চলত নাৰায়ণ দুৱৰাক হত্যা কৰি মাটিত পুতি থোৱা হৈছিল।

ডিব্ৰুগড়ৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড
ডিব্ৰুগড়ৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড

বুধবাৰে পুৱা আৰক্ষীয়ে গলিত অৱস্থাত থকা মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই নৃশংস হত্যাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰহমৰীয়া অঞ্চলত। কোনে, কি কাৰণত নাৰায়ণ দুৱৰাক হত্যা কৰিলে তাৰ সম্ভেদ উলিওৱাৰ বাবে বৰ্তমান অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক:সাতগাঁও গাঁও পঞ্চায়তত প্ৰতিবাদ সাব্যস্ত ক্ষোভিত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.