ETV Bharat / state

ডিব্ৰুগড়ৰ নাম উজলালে শিশু মডেল ইস্পিতা দত্তই - খিতাপ অৰ্জন

Spark Teens Miss North East India 2021 ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ আঁজুৰি আনিলে ডিব্ৰুগড়ৰ ইস্পিতাই ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন ৷

a-child-model-named-ispita-dutta-won-spark-teens-miss-north-east-india-2021
ডিব্ৰুগড়ৰ নাম উজলালে শিশু মডেল ইস্পিতা দত্তই
author img

By

Published : Nov 9, 2021, 6:44 PM IST

মৰাণ, 9 নৱেম্বৰ : সৌন্দৰ্য চৰ্চাৰ জগতখনত খোজ দিয়েই শিশু মডেল ইস্পিতা দত্তই যথেষ্ট চৰ্চা আৰু আদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ডিব্ৰুগড়ৰ বাণীপুৰৰ নিবাসী ইস্পিতা দত্তই মহানগৰীত Spark ৰ দ্বাৰা আয়োজিত Spark Teens Miss North East India 2021 সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

a-child-model-named-ispita-dutta-won-spark-teens-miss-north-east-india-2021
ডিব্ৰুগড়ৰ নাম উজলালে শিশু মডেল ইস্পিতা দত্তই

ৰক্তিম দত্ত আৰু ৰিম্পী দত্তৰ একমাত্ৰ কন্যা ইস্পিতাই 2018 চনৰ ডিচেম্বৰত পোন প্ৰথমবাৰৰ বাবে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল ৷ তাৰ পিছৰে পৰা থমকি ৰোৱা নাই ইস্পিতা ৷ গুৱাহাটী, শিৱসাগৰ, তিনিচুকীয়া আদিত অনুষ্ঠিত সদৌ অসম ভিত্তিক বিভিন্ন সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহু খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে কণমানি মডেলগৰাকীয়ে ৷

সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ সন্মানৰ খিতাপ আজুৰি আনিলে ডিব্ৰুগড়ৰ ইস্পিতাই

পূৰ্বেও বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত শীৰ্ষস্থান লাভেৰে চমক সৃষ্টি কৰিছে সপ্তম শ্ৰেণীত অধ্যায়নৰত ইস্পিতাই ৷ গুৱাহাটীত হৈ যোৱা প্ৰতিযোগিতাখনত 200 গৰাকী প্ৰতিযোগীৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন কৰে ইস্পিতাই ৷

A child model named Ispita Dutta won Spark Teens Miss North East India 2021

ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী গৰাকীয়ে কোনো ব্যক্তিগত প্ৰশিক্ষকৰ সহায় নোলোৱাকৈ এই কৃতিত্ব লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃ ৷ উল্লেখ্য যে, সৌন্দৰ্য জগতখনৰ আদিপাঠ ইস্পিতাই মাহীয়েকৰ পৰাই পাইছিল ৷

লগতে পঢ়ক : সুন্দৰী চিকিৎসক...পিছে কিহৰ বাবে আহিল চৰ্চালৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.