ETV Bharat / state

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ - tippling river

দুলীয়াজানৰ টিপলিং নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং ৷

a-boy-losses-his-life-while-swimming-in-tippling-river-duliajan
পুনৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ
author img

By

Published : Jun 18, 2021, 10:14 AM IST

Updated : Jun 18, 2021, 11:07 AM IST

মৰাণ, 18 জুন : দুলীয়াজানৰ টিপলিং নৈত বৃহস্পতিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা । নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় এজন কিশোৰে । নিহত কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং বুলি জানিব পৰা গৈছে ।

গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ

উল্লেখযোগ্য যে, আন তিনিগৰাকী সমনীয়াৰ সৈতে টিপলিং নৈৰত গা ধুই থকা অৱস্থাতে নৈৰ বুকুত নিখোজ হয় কিশোৰ জন । পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় ৰাইজে নৈৰ বুকুত অভিযান চলাই কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

আনহাতে, আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে । ইফালে, এই ঘটনাৰ পিছত বৃহত্তৰ দুলীয়াজান অঞ্চলত এতিয়া শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক : ৰাজকোষৰ ধন অবৈধ আহৰণ: অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন ডিজিপি

Last Updated : Jun 18, 2021, 11:07 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.