মৰাণ. 11 জুনঃ মৰাণত 9 গৰাকীকৈ লোকক কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ পঠিওৱাৰ পিচতে তেওঁলোকৰ দেহত ধৰা পৰে COVID-19 ৰ অৱস্থিতি ৷ ইয়াকে লৈ এতিয়া মৰাণৰ খোৱাঙৰ ৰাইজৰ মাজত বিৰাজ কৰিছে আতংকই ৷ ৰাইজৰ অভিযোগ অনুসৰি স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনে ঘটনা সংঘটিত হৈছে ৷ লোককেইজন মৰাণৰ ডোমৰ দলঙস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ আছিল ৷
আটাইকেইগৰাকী লোক ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলৰ হোৱাৰ বিপৰীতে, দুজন লোক মৰাণ অঞ্চলৰ খোৱাং আৰু লেঙেৰীৰ বুলি জানিব পৰা গৈছে ৷ ইয়াৰে এগৰাকী লোক খোৱাং হালধিবাৰীৰ 1 নং কোঁৱৰ গাঁৱৰ জ্যোতি কোঁৱৰ (18) আৰু আন এগৰাকী মৰাণ লেঙেৰীৰ নৱজিৎ গগৈ (19) গগৈ ৷ দুয়োগৰাকী আক্ৰান্ত লোক বহিঃৰাজ্যৰ পৰা আহি কোৱৈৰেণ্টাইন হৈ আছিল নৱোদয় বিদ্যালয়ত স্থাপিত কোৱাৰেণ্টাইন কেন্দ্ৰত ৷ লোক দুগৰাকীক ১৪ দিনৰ কোৱাৰেণ্টাইনৰ অন্তত দ্বিতীয়টো স্বাৱ পৰীক্ষাৰ ফলাফল অহাৰ পূৰ্বেই ঘৰলৈ যাবলৈ দিয়া হয় ৷ কিন্তু ঘৰলৈ যোৱাৰ কিছু সময়ৰ পিচতেই তেওঁলোকৰ স্বাৱ পৰীক্ষাৰ ফলাফলত COVID পজিটিভ আহে আৰু দুয়োজনকে নিশাই চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াকে লৈ এতিয়া স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে খোৱাঙৰ একাংশ সচেতন ব্যক্তি ৷
লগতে পঢ়কঃ তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...