ETV Bharat / state

বৃহস্পতিবাৰে মৰাণত চিনাক্ত 75 ক’ভিড আক্ৰান্ত

author img

By

Published : May 14, 2021, 9:40 AM IST

মৰাণত বৃহস্পতিবাৰৰ দিনটোত কৰ’ণাত আক্ৰান্ত হৈছে 75 গৰাকী লোক ৷ সম্প্ৰতি বৃহত্তৰ মৰাণত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ঘটে 11 গৰাকী লোকৰ ৷

covid positive at moran
মৰাণত কৰ’ণা পজিটিভ

মৰাণ,14 মে’ : বৃহস্পতিবাৰৰ দিনটোত মৰাণত 75 গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷ ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত 61 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে ৷

ইয়াৰে ভিতৰত খোৱাং স্বাস্থ্য কেন্দ্ৰৰ 54 গৰাকী, 7 গৰাকী চৰাদেউ জিলাৰ নিৱাসী । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্তৰ সংখ্যা 1,004 গৰাকীলৈ বৃদ্ধি পাইছে ৷

ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত বৃহস্পতিবাৰে 14 গৰাকী লোকৰ দেহত কৰ’ণাৰ অৱস্থিতি পোৱা গৈছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত মুঠ 213 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে, আক্ৰান্তসকলৰ অধিকাংশক হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ 1,217 গৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে । বৃহত্তৰ মৰাণত বৰ্তমানলৈকে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে মুঠ 11 গৰাকী লোকৰ ৷

লগতে পঢ়ক : ক'ভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে সৰৱ মহানগৰ প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.