মৰাণ,17 মে’: ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰে দিনটোত ৬৫ গৰাকী লোকৰ দেহত ক'ভিড-19 ৰ অৱস্থিতি ধৰা পৰে । দেওবাৰে ক’ভিড আক্ৰান্ত ব্যক্তিসকলৰ ভিতৰত ৫৮ গৰাকী খোৱাং স্বাস্থ্য কেন্দ্ৰৰ, ৩ গৰাকী চৰাইদেউ জিলাৰ, ২ গৰাকী নাহৰণি ব্লক আৰু ২ গৰাকী ডিব্ৰুগড়ৰ নিবাসী বুলি জানিব পৰা গৈছে ৷ আনহাতে, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দেওবাৰৰ দিনটোলৈ ক’ভিড ৰোগী ১,১৭৩ গৰাকীলৈ বৃদ্ধি পাইছে ।
ইফালে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত দেওবাৰে ৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত বুলি চিনাক্ত হৈছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ২৭৪ গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে ।
স্বাস্থ্যকেন্দ্ৰটোৰ চিকিৎসকসকলে জানিবলৈ দিয়া মতে, আক্ৰান্ত প্ৰায়সকলকে হোম আইচ’লেছনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত ১,৪৪৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । আনফালে, মৰাণত সম্প্ৰতি ১৫ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৷
লগতে পঢ়ক: মৰাণত পুনৰ দুখন গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা