ETV Bharat / state

মৰাণত মঙলবাৰে 50 জন লোক আক্ৰান্ত ক'ভিড-19ত

author img

By

Published : Apr 27, 2021, 9:22 PM IST

মঙলবাৰে মৰাণত 50 জনকৈ লোক আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ এই পৰ্য্যন্ত মৰাণত কৰ’ণা আক্ৰান্তৰ সংখ্যা 185 গৰাকীলৈ বৃদ্ধি পালে । অঞ্চলটোত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত ৰাইজক সজাগ হ'বলৈ আহ্বান প্ৰশাসনৰ ৷

50-person-covid-possitive-in-moran-etv-bharat-news
মৰাণত মঙলবাৰে 50 জন লোক আক্ৰান্ত ক'ভিড-19ত

মৰাণ, 27 এপ্ৰিল : মঙলবাৰে মৰাণত ক'ভিড-19ত আক্ৰান্ত হৈছে 50 জনকৈ লোক ৷ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দিনটোৰ ভিতৰতে 47 জন লোক ক'ভিড-19ত আক্ৰান্ত হৈছে । যোৱাকালি দিনটোলৈকে মৰাণত 138 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছিল যদিও নতুনকৈ আক্ৰান্ত হৈ মঙলবাৰে মুঠ আক্ৰান্তৰ সংখ্যা 185 গৰাকীলৈ বৃদ্ধি পালে ।

ইফালে চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত স্বাস্থ্য কেন্দ্ৰতো 3জনৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি । কৰ'ণা আক্ৰান্ত ১৪২ জন ৰোগীক বৰ্তমান হোম আইচ'লেচনত ৰখা হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে । বুঢ়ীখোৱাং, খোৱাং চাৰিআলি, ন-খাট গাঁও, পিয়লি নগৰ, লাচিত নগৰ, কুশল নগৰ আৰু চেপন চকলীয়া অঞ্চলৰ পৰা ক’ভিড পজিটিভ অধিক ওলোৱাত এই অঞ্চলকেইটাৰ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় মৰাণ প্ৰশাসনে ।

লগতে পঢ়ক : বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়া আক্ৰান্ত কৰ'ণাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.