ডিব্ৰুগড়,26 মে’: কৰ’ণাসৃষ্ট এই জটিল পৰিৱেশৰ মাজতো অব্যাহত আছে ড্ৰাগছ, গাঞ্জাৰ দৰে নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহা ৷ সেয়ে এই অবৈধ বেহা নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে ৷ ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে ডিগবৈ আৰু দুলীয়াজান আৰক্ষীৰ অভিযান ৷ উক্ত অভিযানত ৫ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, এই অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত এগৰাকী মহিলাসহ বিজু গড়(২৪), দুলীয়াজান অইল ইণ্ডিয়া আৱাসিক এলেকাৰ এ টাইপ ৮৫৮ আৱাসগৃহৰ পৰা সবীত বাল্মিকী(২৩), শান্তনু বৰা(২৫), আৰু পুস্কু আলী (১৯) ক কৰায়ত্ত কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে ৯৭ টা সৰু সৰু চিচিত হেৰ'ইন, দুটা চিৰিঞ্জ, এখন ML 10 B 8104 নম্বৰৰ বিলাসী বাহন, চাৰিটা ম'বাইল, ১.৮৮ লাখ টকা মূল্যৰ ২৫ কেজি গাঞ্জা উদ্ধাৰ কৰে ৷ অসম আৰক্ষীৰ দ্বাৰা অব্যাহত ড্ৰাগছ, গাঞ্জা আৰু নিচাজাতীয় অবৈধ বেহাৰ বিৰুদ্ধে চলি থকা অভিযানৰ ই অন্য এক অংশ ।
নামৰূপৰ অতিৰিক্ত উপ আৰক্ষী অধীক্ষক, দুলীয়াজান আৰক্ষীৰ এটা দলে অভিযান চলাই তৈলনগৰী ডিগবৈ আৰু দুলীয়াজানৰ কেইবাঠাইৰ পৰা এই নিষিদ্ধ ড্ৰাগছৰ বেহা উৎখাত কৰে ৷
লগতে পঢ়ক : ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন নাপাই চুৰি কাৰ্যত নামিল যুৱক