ETV Bharat / state

ডিব্ৰুগড়ত অৰ্থনৈতিক বিপ্লৱৰ চতুৰ্থ প্ৰকল্পৰ শুভাৰম্ভণি আছুৰ - দুলীয়াজান

বৃহস্পতিবাৰে শুভাৰম্ভণি হ'ল ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ চতুৰ্থটো প্ৰকল্প । দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰকল্পটো শুভাৰম্ভণি কৰে । হাঁহ-কুকুৰা পালন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে ছাত্ৰ সন্থাৰ সদস্যসকলে ।

Economic revolution project of AASU
ডিব্ৰুগড়ত অৰ্থনৈতিক বিপ্লৱৰ চতুৰ্থ প্ৰকল্পৰ শুভাৰম্ভণি আছুৰ
author img

By

Published : Jun 24, 2021, 11:44 AM IST

Updated : Jun 24, 2021, 12:16 PM IST

মৰাণ, ২৪ জুন: কেৱল আন্দোলন নহয়, অৰ্থনৈতিক সংগ্ৰামৰ জড়িয়তে জাতীয় জীৱনৰ অৰ্থনৈতিক ভেঁটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ কৰ্মীসকলে । সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ অৰ্থনৈতিক বিপ্লৱ নামৰ আঁচনিৰ অধীনত জিলাখনৰ বিভিন্ন ঠাইত কেইবাটাও প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ চতুৰ্থটো প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয় দুলীয়াজানত ।

চতুৰ্থটো প্ৰকল্পৰ জৰিয়তে দুলীয়াজান ম'হমাৰীৰ মেৰবিল মাজুলীত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বিকাশ বৰুৱাৰ নেতৃত্বত বিজ্ঞান সন্মতভাৱে হাঁহ-কুকুৰা পালনৰ যোগেদি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা হৈছে । এই প্ৰকল্পটোৰ শুভাৰম্ভণি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই । ইয়াৰ উপৰিও ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই প্ৰথমটো প্ৰকল্প ডিব্ৰুগড়ৰ লেজাইত স্থাপন কৰিছিল । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰূপম কোঁৱৰৰ তত্বাৱধানত আৰু আছুৰ সহযোগত মাইনা তাঁত শালৰ দ্বাৰা "বয়ন শিল্প আৰু প্ৰশিক্ষণ" প্ৰকল্প আৰম্ভ কৰে ।

Economic revolution project of AASU
ডিব্ৰুগড়ত অৰ্থনৈতিক বিপ্লৱৰ চতুৰ্থ প্ৰকল্পৰ শুভাৰম্ভণি আছুৰ

দ্বিতীয়টো প্ৰকল্প সদৌ ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সহ-সাধাৰণ সম্পাদক খগেন দত্ত আৰু ছাত্র সন্থাৰ ১০ গৰাকী কৰ্মীৰ নেতৃত্বত আৰু আছুৰ সহযোগত আৰম্ভ কৰা হৈছে । বায়' ফ্লক পদ্ধতিৰে "বালিচন্দা " নামেৰে এটা প্ৰকল্প স্থাপন কৰা হৈছে, য'ত ৮ টা টেংকত মাগুৰ, কাৱৈ, শিঙি মাছৰ উৎপাদন আৰু মৎস্য উৎপাদৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । তৃতীয়টো প্ৰকল্প ভাদৈ পাঁচ আলিৰ ২ নং বৰপথাৰ গাঁৱত আৰম্ভ কৰা হৈছে ।

ভাদৈ শাখা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰূপাঞ্জীৎ ৰাজগিৰিৰ নেতৃত্বত আৰু আছুৰ সহযোগত এই প্ৰকল্পত বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰা হয় । মুঠৰ ওপৰত ডিব্ৰুগড় ছাত্ৰ সন্থাৰ কৰ্মীসকলে জাতীয় সংগ্ৰামৰ লগতে অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিছে । তেওঁলোকৰ মতে, কেৱল আন্দোলন কৰিলেই নহ'ব, নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ বাবে আৰ্থিকভাৱে টনকিয়াল হোৱাও প্ৰয়োজন । সেয়ে, হাতে-কামে লাগিছে আছুৰ সদস্যসকলে ।

লগতে পঢ়ক:কামৰূপ মহানগৰৰ তুলনাত অন্য জিলাত বৃদ্ধি পাইছে ক'ভিড(Covid-19ৰ সংক্ৰমণ

Last Updated : Jun 24, 2021, 12:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.