ETV Bharat / state

ভজোত নদী আৰু নাৰীৰ চতূৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

author img

By

Published : Jan 24, 2021, 4:17 PM IST

নদী আৰু নাৰীৰ চতূৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৷ দেওবাৰে ভজোৰ দিচাং নদীৰ পাৰত কহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কাব্যানুষ্ঠান নদী আৰু নাৰীৰ চতূৰ্থ খন বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত হয় ৷

4th central session of river and women at bhojo in tingkhong

ডিব্ৰুগড়, 24 জানুৱাৰী: কহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কাব্যানুষ্ঠান নদী আৰু নাৰীৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন দেওবাৰে ভজোৰ দিচাং নদীৰ পাৰত উদযাপন কৰা হয় ৷ 'দিচাং নদীৰ পাৰত কবিতা-গীত তথা বৌদ্ধিক আড্ডাৰে এদিন' শীৰ্ষক কাৰ্যসূচীৰে ব্যতিক্ৰমী ভাৱে উদযাপন কৰা এই অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি ড৹ ৰঘুনাথ কাগয়ুংয়ে পুৱা 8 বজাত পতাকা উত্তোলন কৰে ৷

নদী আৰু নাৰীৰ চতূৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

চিত্ৰাংকন প্ৰতিযোগিতা, নদী প্ৰদূষণৰ বিৰুদ্ধে সজাগতা মূলক বেনাৰ উন্মোচন কৰাৰ লগতে কবি আৰু ছবিৰ অনুষ্ঠানটি দিখৌ মুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ ৰঞ্জিত বৰুৱাই শুভ উদ্বোধন কৰাৰ বিপৰীতে বিশ্ব জ্যোতি বৰ্ণিল বৰুৱাই উক্ত অনুষ্ঠানটি পৰিচালনা কৰে ৷ নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী সম্পাদক ৰোনাল্ডো টাইদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে 'দিচাং পাৰত কবিতা-গীত তথা বৌদ্ধিক আড্ডাৰে এদিন' শীৰ্ষক কবিতাৰ অনুষ্ঠানটি ইছমাইল হুছেইনে উদ্বোধন কৰে ৷

জানিব পৰা মতে বিভিন্ন কাৰ্যসূচীৰ লগতে কবি শিখা হাতী বৰুৱাৰ বকুল ফুলৰ দৰে ,পূৰবী বৰুৱা ফুকনৰ তোলৈ বৰ মনত পৰিছে পিতাই, নিজৰা গগৈৰ ভালপোৱাৰ সোণালী সাঁকো, গল্পকাৰ নয়ন মনি দাসৰ হেঁপাহৰ ৰামধেনু , কবি প্ৰশান্ত গগৈৰ ঐ শিৱসাগৰৰ ছোৱালী জনী আদি গ্ৰন্থৰ উন্মোচনী অনুষ্ঠান আৰু বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা অনুষ্ঠানেৰে অনুষ্ঠানৰ সামৰণি পৰিব ৷

উক্ত অনুষ্ঠানত কবি তথা সমাজকৰ্মী ডেম্বীৰাম পাংগিং, সমাজকৰ্মী ডক্টৰ ৰঞ্জিত বৰুৱা , উদ্যোগী মহিলা বিনীতা ৰয় বৰ্মন, সমাজকৰ্মী নীলু নেওগ, কবি ৰেণুকা য়ুমনাম, কবি তথা ডক্টৰ ইকবাল হুছেইন, কবি তথা লেখক মুকুট শৰ্মা, কবি বিবেকা হাজৰিকা, কবি তথা শিক্ষক দীপিকা সভাপতি, কবি তথা গীতিকাৰ প্ৰতিমা মণ্ডল, কবি ভুৱনেশ্বৰ শৰ্মা, কবি তথা শিক্ষয়িত্ৰী ৰুমা বেজবৰুৱা, সাংবাদিক ৰফিক আহমেদ, সমাজকৰ্মী অৰুণ গগৈ, নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, আবৃত্তিকাৰ তথা গীতিকাৰ ডক্টৰ সৃষ্টি বকুল বিনীতা, কবি ৰাজীৱ তালুকদাৰ, ক্ৰীড়া সংগঠক আৰু সাংস্কৃতিক কৰ্মী বাণী চাংমাই, লেখিকা তথা কবি ডলি গোস্বামী, কবি ৰূপামনি গগৈ আদি বহুকেইগৰাকীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হ'ব ৷

লগতে পঢ়ক:নাহৰৰ দেশত উখল-মাখল পৰিৱেশ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.