ETV Bharat / state

টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ দ্বিতীয় দিন - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগ

শনিবাৰে অগণন লোকৰ সমাগমেৰে অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদ(টাইপা)ৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনাও অনুষ্ঠিত হয় কেইবাটাও অনুষ্ঠান ৷ 'বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত টাই আহোম সকলৰ অৱদান' শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় দেওবাৰে ৷

দ্বিতীয় দিনাও অনুষ্ঠিত হ'ল টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন
2nd day of TAYPA Adhibexon, Moran
author img

By

Published : Dec 28, 2020, 7:56 AM IST

Updated : Dec 28, 2020, 12:51 PM IST

মৰাণ,28 ডিচেম্বৰ: শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ তিলৈ গ্ৰাম্যবজাৰ প্ৰাংগণত আৰম্ভ হৈছে টাই আহোম যুৱ পৰিষদ(টাইপা)ৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান । শনিবাৰে অগণন লোকৰ সমাগমেৰে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হৈ যোৱাৰ পাছত দ্বিতীয় দিনাও অনুষ্ঠিত হয় কেইবাটাও অনুষ্ঠান। পুৱা চাফাই অভিযানেৰে আৰম্ভ হোৱা দ্বিতীয় দিনাৰ কাৰ্যসূচীত আবেলি ডিব্ৰুগড়,মৰাণ আৰু মাহমৰাৰ কেইবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাই আহোম জনগোষ্ঠীটোৰ ওপৰত কেইবাটাও মন্তব্য প্ৰদান কৰে ।

দ্বিতীয় দিনাও অনুষ্ঠিত হ'ল টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

সন্ধিয়া 'বৃহত্তৰ অসমীয়া জাতি গঠন পক্ৰিয়াত টাই আহোম সকলৰ অৱদান' শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । টাইপা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি লোহিত গগৈয়ে উদ্বোধন কৰা এই আলোচনা চক্ৰ সঞ্চালনা কৰে মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতা চুতীয়াই । আলোচনা চক্ৰত মুল আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ টাই ভাষা পণ্ডিত দয়ানন্দ বুঢ়াগোহাঁই, অসম আদিত্য কাকতৰ মুখ্য সম্পাদক, বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ নিৰ্মল চাহেৱালা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ প্ৰৱক্তা ড° জিতুৰঞ্জন চেতিয়াৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি ।

দ্বিতীয় দিনাও অনুষ্ঠিত হ'ল টাইপাৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন
2nd day of TAYPA Adhibexon, Moran

ইয়াৰ লগতে দেওবাৰে মাজ নিশা গঠন হয় টাই আহোম যুৱ পৰিষদৰ নতুন কেন্দ্ৰীয় সমিতি । কেন্দ্ৰীয় অধিবেশনৰ স্থলীতে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিৰ প্ৰতিনিধিয়ে ৰুদসাগৰ বুঢ়াগোহাঁইক সম্পাদক আৰু বিজয় ৰাজকোঁৰৱক সভাপতিৰ দায়িত্ব প্ৰদান কৰে । সংগঠনটোৰ সম্পাদকৰ দায়িত্ব লাভ কৰিয়েই ৰুদসাগৰ বুঢ়াগোহাঁইয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় আহোম সকল আজি বিভিন্ন ক্ষেত্ৰত অৱহেলিত হৈ আছে । বিশেষকৈ জনজাতিকৰণক লৈ চৰকাৰখনে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিলে নতুন সম্পাদক গৰাকীয়ে । বিতৰ্কৰ অৱসান ঘটাই সকলো নেতাকে সংগঠনটোক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাই নেতা গৰাকীয়ে।

লগতে পঢ়ক: কৰ'ণা-কৰ্কট ৰোগৰ সজাগতাৰ বাবে ক্ৰিকেট পীটছত নামিব জুবিন গাৰ্গ

Last Updated : Dec 28, 2020, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.