ETV Bharat / state

ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন (General meeting of Rajgarh AASU)। অন্তিম দিনৰ কাৰ্যসূচীত মুকলি সভাকে ধৰি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান । সন্ধিয়া কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে পৰিৱেশন কৰিব সংগীতানুষ্ঠান ।

AASU
ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন
author img

By

Published : Sep 9, 2022, 10:52 AM IST

মৰাণ,৯ ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলা আছুৰ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন আৰম্ভ হৈছে (Rajgarh AASU meeting)। বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাজগড়ৰ ৰঙাবননি ৰংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় এই অধিবেশন । প্ৰথম দিনাৰ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সংস্থাৰ পতাকা উত্তোলন ,স্মৃতি তৰ্পণ, বিয়ানাম আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াৰ উপৰিও ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছুৰ নৱ নিৰ্মিত শ্বহীদ বেদী উন্মোচন কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুবুল দত্তই ।

ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিবেশন

৮ আৰু ৯ ছেপ্টেম্বৰত আয়োজিত এই বিংশতিতম সাধাৰণ অধিবেশনৰ আজি অন্তিম দিন (20th General Meeting of Rajgarh AASU)। অন্তিম দিনটোত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব । পুৱাই বাছনি সভা অনুষ্ঠিত হয় । ইয়াৰ পাছতে দিনটোৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে উপদেষ্টা উদ্দীপজ্যোতি গগৈ আৰু সংগঠনটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতা ।

বাৰেৰহণীয়া অনুষ্ঠানৰ লগতে অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব । ইফালে অধিবেশনৰ সফল সামৰণিৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক :অসমীয়া সাহিত্যত মহিলা সাহিত্যিকৰ অৱদান আন ৰাজ্যৰ তুলনাত অধিক: য়েছে দৰজে ঠংছি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.