ETV Bharat / state

টিংখাঙত চাওলুং চুকাফা দিৱসৰ লাইখুটা স্থাপন

author img

By

Published : Nov 15, 2019, 12:08 PM IST

চলিত বৰ্ষৰ ২ ডিচেম্বৰত টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হ'ব বুলি জনাইছে উদযাপন সমিতিয়ে ৷

২ ডিচেম্বৰত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস,প্ৰস্তুতি তুংগত

টিংখাং, নৱেম্বৰঃ বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে টিংখাঙত অনুষ্ঠিত হ'ব ৷ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মৰাণ মহকুমা সমিতিৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হ'ব চুকাফা দিৱস ৷

চলিত বৰ্ষৰ ২ ডিচেম্বৰত টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব চাওলুং চুকাফা দিৱস ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহন কৰিব ৰাজ্যৰ স্বাস্থ্য তথা গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰাটো নিশ্চিত বুলি সদৰি কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে । বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা চুকাফা দিৱসৰ প্ৰস্তুতি দ্ৰুত গতিত অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে । আহোম পৰম্পৰা তথা সম্পূৰ্ণ নীতি নিয়মেৰে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত ইতিমধ্যে স্থাপন কৰা হৈছে লাইখুটা । অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰাৰ কথা অৱগত কৰে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ৷ তাৰোপৰি নিশা সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় গায়ক কুসুম কৈলাশ, নীল আকাশৰ লগতে জনপ্ৰিয় কৌতুক অভিনেতা সিদ্ধাৰ্থ শৰ্মা উপস্থিত থাকিব বুলি জনাইছে উদ্যোগক্তা সকলে ৷

Intro:টিংখাঙত চুকাফা দিৱসৰ বিশাল আয়োজন । অংশগ্ৰহণ কৰিব বৃত্ত, স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই । লাইখোটা স্থাপন ।

Body:টিংখাং - অসমীয়া জাতিৰ জনক, বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফ্যাৰ দিৱস তথা অসম দিৱস বণাঢ্য কাৰ্যসূচীৰে টিংখাঙত উদযাপন প্ৰস্তুতি। সদৌ তাই আহোম ছাত্ৰ সন্থা মৰাণ মহকুমাৰ সমিতিৰ উদ্যোগত আৰু ৰাজগড় আঞ্চলিক সমিতিৰ সহযোগত অহা ২ ডিচেম্বৰত টিংখাঙৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হব লগা এই বিশাল কাৰ্যসূচী। উক্ত কাৰ্যসূচীত অংশগ্ৰহন কৰিব ৰাজ্যৰ বৃত্ত স্বাস্থা তথা গড়কাপ্তানী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্যে মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰাটো নিশ্চিত বুলি সদৰি কৰে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে । বিস্তিত কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা চুক্যাফা দিৱসৰ প্ৰস্তুতি দূত গতিত অব্যাহত ৰাখিছে আয়োজক সমিতিয়ে । আহোম পৰম্পৰা তথা সম্পূৰ্ণ নীতি নিয়মেৰে কালি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত বিশাল মণ্ডপ নিৰমাণৰ বাবে স্থাপন কৰা হয় লাইখোটা । এই দিৱসৰ কাৰ্যসূচীত উজলি উঠিব অসমীয়া জাতি জনগোষ্ঠিৰ বাৰেৰহনীয়া কলা কৃষ্টি -

Byte -উদযাপন সমিতিৰ।

দীপক গগৈ,টিংখাং।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.