ETV Bharat / state

সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ সংকল্পৰে অন্ত পৰিল ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন - ৰাইজৰ দলৰ প্ৰথম খন ৰাজ্যিক অভিৱৰ্তন

দুটা দিনৰ সফল সমাপ্তিৰ পাছতে তৃতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয় ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন কাৰ্যসূচী। ৰাইজৰ দলৰ 10 হাজাৰোধিক লোকৰ এই সাংস্কৃতিক শুভাযাত্ৰাই মুখৰিত কৰি তোলে মৰাণৰ ৰাজপথ । 855 জন শ্বহীদৰ নাম লিখা প্লে'কাৰ্ড লৈ শোভাযাত্ৰাকাৰীয়ে অখিল গগৈ জিন্দাবাদ, বিজেপি হায় হায় আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । তৃতীয়দিনা কাৰ্যসূচীত উপস্থিত থাকে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ।

1st-state-convocation-of-raijor-dol-is-end
সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা সংকল্পৰে অন্ত পৰিল ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তন
author img

By

Published : Jan 9, 2021, 9:52 PM IST

Updated : Jan 9, 2021, 10:24 PM IST

মৰাণ,9 জানুৱাৰী : জাতীয় স্বাৰ্থ, এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ল ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন । এই অভিৱৰ্তনতেই সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যৎ কৰ্মপন্থাৰ সন্দৰ্ভত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰিলে ৰাইজৰ দলে ।

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই ৰাইজৰ দলৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অভিৱৰ্তনত সংগীত শিল্পী মানস ৰবীন, মহেন্দ্ৰ হাজৰিকাৰ পৰা আৰম্ভ কৰি বহুকেইটা জাতীয় সংগঠনৰ নেতা, শিক্ষাবিদ, বুদ্ধিজীৱীয়ে অংশগ্ৰহণ কৰি ভবিষ্যত কৰ্মপন্থা তৈয়াৰ কৰা সন্দৰ্ভত আলোচনা কৰে । এই অভিৱৰ্তনতেই বিজেপিক বিশ্বাসঘাতক, সাম্প্ৰদায়িক, জাতিৰ অস্তিত্ব বুজি নোপোৱা, জাতিৰ ভবিষ্যতৰ কথা চিন্তা নকৰা আদি অভিযোগ তুলি চৰকাৰখনক 21 ৰ নিৰ্বাচনত ওফৰাই এক সুস্থ আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰিবলৈ সংকল্পবদ্ধ হয় দলৰ কৰ্মকৰ্তাসকল ।

1st-state-convocation-of-raijor-dol-is-end
সাংস্কৃতিক শোভাযাত্ৰা

উল্লেখ্য যে, দুটা দিনৰ সফল সমাপ্তিৰ পাছতে তৃতীয় দিনা সাংস্কৃতিক শোভাযাত্ৰাৰে অভিৱৰ্তনৰ কাৰ্যসূচী আৰম্ভ কৰা হয় । ৰাইজৰ দলৰ 10 হাজাৰোধিক লোকৰ এই সাংস্কৃতিক শুভাযাত্ৰাই মুখৰিত কৰি তোলে মৰাণৰ ৰাজপথ । 855 জন শ্বহীদৰ নাম লিখা প্লে'কাৰ্ড লৈ শোভাযাত্ৰাকাৰীয়ে অখিল গগৈ জিন্দাবাদ, বিজেপি হায় হায় আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে ।

ইফালে, শনিবাৰে অভিৱৰ্তনস্থলীত উপস্থিত হয় কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ । ইয়াৰ পিচতেই প্ৰিয়দা গগৈক ৰাইজৰ দলৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় ৷ অভিৱৰ্তনস্থলীত উপস্থিত হৈ প্ৰিয়দা গগৈয়ে কয়, "অখিল যদিও জেলত আছে মোৰ অলপো বেয়া লগা নাই । ৰাইজক মই আৰ্শীবাদ কৰিছো ৷" ৰাইজ অখিলৰ লগত আছে বুলি মন্তব্য প্ৰকাশ কৰে প্ৰিয়দা গগৈয়ে ৷

কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ মন্তব্য

দিনটোৰ দুপৰীয়া ভাগত অনুষ্ঠিত হয় অভিৱৰ্তনৰ মুকলি সভা । মুকলি সভা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ নাৰায়ণ শৰ্মাই ৷ সভাত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ঘণশ্যাম নাথ, সীতানাথ লহকৰ, প্ৰিয়দা গগৈ, অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰী আদি ।

কি ক'লে অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীয়ে ?

গুৰুত্বপূৰ্ণ কথাটো হ'ল ৰাইজৰ দলৰ অভিৱৰ্তনৰ তৃতীয় দিনা মুকলি সভাত অসম জাতীয় পৰিষদৰ সম্পাদক চিত্ত ৰঞ্জন বসুমতাৰীয়ে ৰাইজৰ দলক শুভেচ্ছা জ্ঞাপন কৰে । সভাৰ শেষত জাতীয় পৰিষদৰ সম্পাদকগৰাকীয়ে সাংবাদিকক সম্বোধন কৰি কয়, "অখিল গগৈয়ে জেলত কটোৱা প্ৰতিটো দিনৰ উত্তৰ অসমৰ ৰাইজে ২১ ৰ নিৰ্বাচনত দিব লাগিব ।" ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ নেতৃত্বই একত্ৰিত হৈ অসমৰ সকলো আঞ্চলিক শক্তিক একগোট কৰা ক্ষেত্ৰত কিছু পৰিকল্পনা কৰা কথাও জানিবলৈ দিয়ে বসুমতাৰীয়ে ।

লগতে পঢ়ক: বাৰ্ড ফ্লুৰ ভয়াৱহতা: ল’বলগীয়া সাৱধানতাসমূহ

Last Updated : Jan 9, 2021, 10:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.