মৰাণ, 28 জানুৱাৰী : ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ হালধিবাৰীৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ প্রথম বৰ্ষপুতি অনুষ্ঠান আৰু সৰগফলা চাউলকৰা বৈষ্ণৱ নামঘৰৰ প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় ৷ এই উপলক্ষে আনুষ্ঠিত কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামী, জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস, সংগীত শিল্পী তৰালী শৰ্মা।
বৰ্ষপুতি অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হোৱাৰ লগতে এক যোগাত্মক বিষয়ত আলোচনাচক্ৰ অনুষ্ঠিত হয় । 'ভোগবাদী চিন্তাৰ আগ্ৰাসনৰ সময়ত আধ্যাত্মিক চিন্তা তথা নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা' শীৰ্ষক আলোচনা চক্ৰখনি উদ্বোধন কৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।
ইফালে, অনুষ্ঠানৰ সন্ধিয়ালৈ স্থানীয় শিল্পী সকলে এখন ভাওনা প্ৰদৰ্শন কৰে। ভাওনা প্ৰৰ্দশনৰ মঞ্চ উদ্বোধন কৰে সংগীত সংগীত শিল্পী তৰালী শৰ্মাই ।
লগতে পঢ়ক :নেশ্বনেল জিঅ’গ্ৰাফিক চেনেলত প্ৰদৰ্শিত হ’ব অৰুণাচল প্ৰদেশ