ETV Bharat / state

ডিব্ৰুগড়ত 144 ধাৰা বলৱৎ - অতিৰিক্ত জিলা দণ্ডাধীশ

ডিব্ৰুগড় জিলাত বলৱৎ কৰা হৈছে 144 ধাৰা ৷ জিলাখনৰ শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত সমগ্ৰ জিলাতে প্রযোজ্য হোৱাকৈ বলৱৎ কৰা হৈছে এই ধাৰা ৷

144 in dibrugarh
ডিব্ৰুগড়ত 144 ধাৰা বলৱৎ
author img

By

Published : Apr 17, 2021, 9:32 PM IST

ডিব্ৰুগড়,17 এপ্ৰিল: ডিব্ৰুগড় জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে শনিবাৰে এক নির্দেশযোগে ডিব্ৰুগড়ৰ শান্তি-শৃংখলা অটুট ৰখাৰ স্বাৰ্থত ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ নং ধাৰাৰ অধীনত সমগ্ৰ জিলাতে প্রযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই নিষেধাজ্ঞা অনুসৰি ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাৱেশ, ৰাজহুৱা স্থানত লাঠী, ডেগাৰ, তৰোৱাল বা অন্য যিকোনো ধৰণৰ অস্ত্ৰ কঢ়িওৱা, ৰাজহুৱা স্থানত তথা ৰাজহুৱা পথ বা ঘাইপথেদি যাতায়াতত অসুবিধাৰ সৃষ্টি কৰি সমদল উলিওৱা, প্রতিবাদ, ধর্ণা, অনশন, আমৰণ অনশন আদি কাৰ্যসূচী হাতত লোৱা, প্রতিকৃতি দাহ, চৰকাৰী বা অর্ধ-চৰকাৰী স্থানত শ্বহীদ বেদী নিৰ্মাণ, ৰাজহুৱা স্থানত লাঠী বা অন্য যিকোনো ধৰণৰ অস্ত্ৰচালনাৰ প্ৰশিক্ষণ প্রদান, ৰাজহুৱা স্থানৰ লগতে চৰকাৰী কাৰ্যালয়, ৰাস্তা-ঘাটত বলপূর্বক ধন সংগ্রহ, ব্যৱসায়িক প্রতিষ্ঠান, কাৰ্যালয়ৰ পৰা বলপূর্বক বৰঙণি সংগ্ৰহ, জুৱা, লটাৰী খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে । একেটা নির্দেশতে ৰাজহুৱা স্থান, পথ, পদপথত ফটকা জ্বলোৱা, ৰাস্তাইদি অহা-যোৱা কৰা ব্যক্তি বিশেষকৈ মহিলা-শিশুলৈ ৰং বা অন্যান্য আপত্তিজনক সামগ্রী নিক্ষেপ, পদপথ, ষ্ট্রীট কৰ্ণাৰ আদিত এনেই গোট খাই ভীৰ কৰা, মহিলাৰ প্ৰতি অপমানজনক মন্তব্য কৰা, নিশা দহ বজাৰ পৰা পুৱা ছয় বজাৰ ভিতৰত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ কৰা, শিক্ষানুষ্ঠান, চিকিৎসালয়, আদালতৰ ওচৰত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ কৰা, সাধাৰণ জনতাক উত্তেজিত কৰিব পৰা সাম্প্রদায়িক ৰাজ্য বা ৰাষ্ট্ৰ বিৰোধী মন্তব্য/ভাষণ প্রদান কৰা, বাহনত ক’লা গ্লাছ, ভেকুৱাম হর্ণ, কালাড লাইট, হাই বীম লাইটৰ ব্যৱহাৰ কৰা, চৰকাৰী কৰ্মচাৰী, অধিবক্তা, চিকিৎসক, মহিলা, বিদ্যালয়লৈ যোৱা শিশু, সাংবাদিক, ৬০ ৰ ঊৰ্ধ্বৰ ব্যক্তি বাহিৰে দুচকীয়া বাহনত দুজন আৰোহী উঠা, হেলমেট অবিহনে দুচকীয়া বাহন চলোৱাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

অৱশ্যে পাঁচজন বা ততোধিক লোক সমাৱেশৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞা চিনেমা হ’ল বা আন বিনোদনৰ স্থান, শিক্ষানুষ্ঠান, ৰে’ল ষ্টেচন, বাছ আস্থান, বিমানবন্দৰ, বিবাহনুষ্ঠান, ধর্মীয় অনুষ্ঠানৰ থলী আদিৰ ক্ষেত্ৰত প্রযোজ্য নহ'ব । তৎকালীনভাৱে বলৱৎ হোৱা এই নিষেধাজ্ঞা পৰৱৰ্তী ৬০ দিনলৈকে প্রযোজ্য থাকিব ৷ এই নিষেধাজ্ঞা উলংঘা কৰা ব্যক্তি ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ নং ধাৰাৰ অধীনত দণ্ডিত কৰা হ'ব ।

লগতে পঢ়ক : কুৰালগাচা ভোটকেন্দ্ৰত কেন্দ্ৰীয় বাহিনীৰ শূন্যলৈ গুলীচালনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.