ETV Bharat / state

ডিব্ৰুগড়ৰ ১৪ খন গাঁৱক 'আদৰ্শ গাঁও' ৰূপে গঢ়ি তুলিব জিলা প্ৰশাসনে - সাতটা বিধানসভা সমষ্টিৰ চৈধ্যখন গাঁৱক

ডিব্ৰুগড় জিলাত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত চৈধ্যখন গাঁৱক 'আদৰ্শ গাঁও' হিচাপে গঢ়ি তুলিব জিলা প্ৰশাসনে । শনিবাৰে এই সন্দৰ্ভত ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় ।

ডিব্ৰুগড়ৰ ১৪ খন গাঁৱক 'আদৰ্শ গাঁও' ৰূপে গঢ়ি তুলিব জিলা প্ৰশাসনে

author img

By

Published : Jan 30, 2021, 8:32 PM IST

মৰাণ, ৩০ জানুৱাৰী: অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সম্পন্ন হ'বলগীয়া কাম সফলভাৱে কৰাৰ বাবে শনিবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় । জিলাখনত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতটা বিধানসভা সমষ্টিৰ চৈধ্যখন গাঁৱক 'আদৰ্শ গাঁও' ৰূপে গঢ়ি তোলাৰ বাবে আঁচনি যুগুত কৰিছে জিলা প্ৰশাসনে । অনাময়, পথ, নলা ব্যৱস্থা, বিদ্যুৎ যোগান, খোৱাপানী, বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আদি সকলোবোৰ উপলব্ধ হব এই আদৰ্শ গাঁৱত ।

ডিব্ৰুগড়ৰ ১৪ খন গাঁৱক 'আদৰ্শ গাঁও' ৰূপে গঢ়ি তুলিব জিলা প্ৰশাসনে
ডিব্ৰুগড়ৰ ১৪ খন গাঁৱক 'আদৰ্শ গাঁও' ৰূপে গঢ়ি তুলিব জিলা প্ৰশাসনে

ৰাজ্য চৰকাৰে হাতত লোৱা অসম আদৰ্শ গ্ৰাম যোজনা ডিব্ৰুগড় জিলাত সফলভাৱে ৰূপায়ণ কৰাৰ বাবে গঠিত জিলা পৰ্যায়ৰ সমিতিৰ এখন সভা শনিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, সহকাৰী আয়ুক্ত জয় শিৱানী, খণ্ড উন্নয়ন বিষয়াসকল, গাঁও পঞ্চায়তৰ সভাপতি-সম্পাদক উপস্থিত থাকে এই সভাত । এই সভাতে চৈধ্যখন গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ বাবে হাতত লোৱা কেইবাখনো আন্তঃগাঁথনি উন্নয়নমূলক আঁচনিত অনুমোদন জনোৱা হয় ৷

অনুমোদিত আঁচনিসমূহৰ কাম সোনকালে আৰম্ভ কৰিব পৰাকৈ প্ৰতিখন আঁচনিৰ বিপৰীতে নিৰ্ধাৰিত ধনৰ ৩০ শতাংশ ধন অতি সোনকালে মোকলাই দিয়া হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে । উল্লেখ্য যে, অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বৰবৰুৱা আৰু ৰজাভেটা গাঁও পঞ্চায়তৰ জামিৰা পাত্ৰ গাঁও আৰু আইথান দীঘলা গাঁও, মৰাণ বিধানসভা সমষ্টিৰ নাহৰণি আৰু তিলৈনগৰ গাঁও পঞ্চায়তৰ নাহৰণি সোণোৱাল গাঁও আৰু অভয়পুৰীয়া বঙালী গাঁও, লাহোৱাল বিধানসভা সমষ্টিৰ চিৰিঙহোলা গাঁৱক আদৰ্শ গাঁৱলৈ পৰিণত কৰা হ'ব ।

লগতে ৰমাই গাঁও পঞ্চায়তৰ নাহৰ সাঁকো আৰু ১ নং ছাগলীকটা গাঁও, দুলীয়াজান বিধানসভা সমষ্টিৰ ৰঙাগঢ়া আৰু নাওহলীয়া গাঁও পঞ্চায়তৰ ২ নং চপাতলি আৰু জুটলীবাৰী বৰহোলা গাঁও, টিংখাং বিধানসভা সমষ্টিৰ শালমাৰী আৰু ঔফুলীয়া গাঁও পঞ্চায়তৰ শালমাৰী আৰু ঔফুলীয়া গাঁও, নাহৰকটীয়া বিধানসভা সমষ্টিৰ কছাৰীপথাৰক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা হ'ব ।

নিগম গাঁও পঞ্চায়তৰ কমাৰগাঁও আৰু নিগম গাঁও, চাবুৱা বিধানসভা সমষ্টিৰ হাতীআলি আৰু পুলুঙা গাঁও পঞ্চায়তৰ বামুণীয়া হিলৈধাৰী আৰু পুলুঙা গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ় দিয়াৰ বাবে নিৰ্বাচন কৰি সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত গঠিত গাঁও পৰ্যায়ৰ সমিতিৰ সভাই স্থানীয় বিধায়ক, ৰাইজৰ সৈতে আলোচনামৰ্মে গাঁও উন্নয়নৰ বাবে হাতত লোৱা আঁচনিসমূহ আজিৰ সভাত অনুমোদন জনোৱা হয় ৷ সভাত চৈধ্যখন গাঁৱৰ বিপৰীতে মুঠ ১৪১ খন আঁচনি অনুমোদনৰ বাবে উত্থাপন কৰা হয় ৷

লগতে পঢ়ক:বিজেপিত যোগদানৰ বাবে প্ৰস্তুত বিধায়ক ভুৱন পেগু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.