ETV Bharat / state

দুলীয়াজানত 11 বছৰীয়া কিশোৰ নিৰুদ্দেশ

author img

By

Published : Jul 11, 2021, 12:02 PM IST

6 জুলাইৰ পুৱাৰ পৰা নিৰুদ্দেশ (missing) হৈ আছে দুলীয়াজানৰ এটি 11 বছৰীয়া কিশোৰ ৷ পুত্ৰৰ নিৰুদ্দেশক লৈ দুলীয়াজান আৰক্ষী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে আকাশজ্যোতি বড়োৰ পৰিয়ালে ৷

teenage boy missing
কিশোৰ নিৰুদ্দেশ

মৰাণ, 11 জুলাই : দুলীয়াজানত এটি 11 বছৰীয়া কিশোৰ নিৰুদ্দেশ (Missing) হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ এয়া এক অপহৰণ, আত্মগোপন নে অন্য কিবা তাক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে সমগ্ৰ তৈল নগৰীত ৷ নিৰুদ্দেশ হোৱা কিশোৰটিৰ নাম আকাশজ্যোতি বড়ো বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, 6 জুলাইত অৰ্থাৎ মঙলবাৰৰ পুৱা প্ৰায় 8 বজাৰ পৰা সন্ধানহীন হৈ আছে আকাশ ৷

teenage boy missing
কিশোৰ নিৰুদ্দেশ

এইক্ষেত্ৰত পৰিয়ালৰ ফালৰ পৰা সম্ভাব্য সকলো ঠাইতে বিচাৰ-খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই আকাশৰ ৷ সেয়েহে 7 জুলাইত দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আকাশৰ পৰিয়ালে ৷ জানিব পৰা মতে, দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত কালিবাৰী সংগীত বিদ্যালয়ৰ সমীপৰ প্ৰণৱ জ্যোতি দুৱৰা নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছে সন্ধানহীন কিশোৰটিৰ পৰিয়াল ৷

লগতে পঢ়ক : নগাঁৱত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া

ভাড়াতীয়া মাধৱ বড়ো আৰু জীনা বড়োৰ একমাত্ৰ পুত্ৰ সন্তান আকাশ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৷ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আকাশৰ কোনো লোকে যদি কিবা সম্ভেদ পায়, তেন্তে পিতৃ-মাতৃৰ 8486344307 আৰু 7637969370 এই দুটা ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে কিশোৰটিৰ পৰিয়ালে ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.