ETV Bharat / state

ধুবুৰীত বেংকৰ সমূহত চেণ্ডেলৰ দীঘলীয়া শাৰী - ভিৰ কৰে মহিলা গ্ৰাহকে

প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিৰ একাউণ্টত চৰকাৰে সোমাই দিছে ৫০০ টকাকৈ । যাৰ বাবে প্ৰতিদিনে ৰাতিপুৱা সাত বজাৰ পৰাই বেংকৰ সন্মুখত ভিৰ কৰে মহিলা গ্ৰাহকে ।

women-bank-customer-geathered-in-bank-of-dhubri
ধুবুৰীত বেংকৰ সমূহত চেণ্ডেলৰ দীঘলীয়া শাৰী
author img

By

Published : May 19, 2020, 7:52 PM IST

ধুবুৰী, 19 মে‘, : ধুবুৰীত বেংকৰ সন্মুখত দেখা গ‘ল দীঘলীয়া শাৰী । কৰবাত যদি মহিলা গ্ৰাহকে বান্ধিছে দীঘলীয়া শাৰী আন কৰবাৰ ৰাজপথত আকৌ দীঘলীয়া ছেণ্ডেলৰ শাৰী।

দীঘলীয়া লক ডাউনৰ ফলত জুৰুলা হৈছে ধুবুৰীৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল সমূহ । উপাৰ্জনৰ পথ বন্ধ হৈ পৰা শ-শ পৰিয়ালে অৰ্থ আৰু খাদ্য সংকটত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে । যাৰ ফলত প্ৰতিদিনে ৰাতিপুৱা সাত বজাৰ পৰাই প্ৰতিখন বেংকৰ সন্মুখত দীঘলীয়া শাৰী পাতিছে শ-শ গ্ৰাহকে । ইয়াৰে বেছি ভাগেই মহিলা গ্ৰাহক । প্ৰধানমন্ত্ৰী জন ধন যোজনা আঁচনিৰ একাউণ্টত চৰকাৰে সোমাই দিছে ৫০০ টকাকৈ । যাৰ বাবে প্ৰতিদিনে ৰাতিপুৱা সাত বজাৰ পৰাই বেংকৰ সন্মুখত ভিৰ কৰে মহিলা গ্ৰাহকে । পোৱাৰ পৰা দিনটো দীঘলীয়া শাৰীত থিয় হৈ থাকি জন ধন যোজনাৰ ৫০০ টকা উঠাই লৈ ঘৰলৈ যায় দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মহিলা গ্ৰাহক সকলে ।

ধুবুৰীত বেংকৰ সমূহত চেণ্ডেলৰ দীঘলীয়া শাৰী

ইপিনে প্ৰখৰ ৰদ আৰু উৎকট গৰমৰ ফলত শাৰীত থিয় হৈ থাকিব নোৱাৰে মহিলা সকলে নিজৰ ছেণ্ডেলযোৰ শাৰীত ৰাখি আশ্ৰয় লৈছে গছৰ তলত । একাংশই নিজৰ কণমানি সন্তানক লৈ ঘণ্টাৰ পিছত ঘন্টা ধৰি শাৰীত থিয় হৈ থকাও দেখা যায় । মহিলাৰ সমান্তৰালকৈ পুৰুষ গ্ৰাহকেও বেংক সমূহত ঘণ্টা ঘণ্টা ধৰি লানি পাতি থকাৰ দৃশ্যও পৰিলক্ষিত হয় ৷ যদিওঁ কিছু কিছু স্থানত লক ডাউন আৰু সামাজিক দূৰত্বক একাংশই আওকান কৰাৰ দৃশ্যও দেখিবলৈ পোৱা যায় ৷

লগতে পঢ়ক: COVID-19 : শিশুক স্কুললৈ পঠিওৱাটো সুৰক্ষিত নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.