ETV Bharat / state

দক্ষিণ শালমাৰাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা - আৰক্ষী

দেওবাৰে দক্ষিণ শালমাৰা আৰক্ষীৰ জালত পৰে বৃহৎ পৰিমাণৰ সুৰাৰ লগতে দুজন সুৰা ব্যৱসায়ী ৷ ধৃত লোক দুজন দক্ষিণ শালমাৰাৰ মাটিফাটা বজাৰনিবাসী ৰাছিদুল ইছলাম আৰু বদিয়দ জামান বুলি জানিব পৰা গৈছে ৷

দক্ষিণ শালমাৰাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

author img

By

Published : Oct 11, 2020, 10:54 PM IST

ধুবুৰী, 11 অক্টোবৰ: দক্ষিণ শালমাৰাৰ বালাডুবাত আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ বিলাতী সুৰা ৷ জব্দকৃত সুৰাখিনিৰ লগতে আৰক্ষীয়ে দুজন সুৰা ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দক্ষিণ শালমাৰাৰ জিনজিৰাম নদীত চলাচল কৰা এখন নাৱত আৰক্ষীয়ে অভযান চলাই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

কোনো গোপন সুত্ৰই প্ৰদান কৰা তথ্যৰ ভিত্তিত দক্ষিণ শালমাৰা আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা লোক কেইজন ক্ৰমে ৰাছিদুল ইছলাম আৰু বদিয়দ জামান বুলি জানিব পৰা গৈছে ৷ ধৃত লোক কেইজনে মেঘালয়ৰ পৰা সুৰাখিনি নাৱেৰে আনি দক্ষিণ শালমাৰাৰ মাটিফাটা এলেকালৈ সৰবৰাহ কৰিব বিচাৰিছিল বুলি জনায় আৰক্ষীয়ে ৷ ধৃত লোক দুজন মাটিফাটা বজাৰনিবাসী বুলি বুলি জানিব পৰা গৈছে ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: গছৰ ডালেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা নৈ পৰীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.