ETV Bharat / state

বিলাসীপাৰাত জলাশয়ত উদ্ধাৰ দুই কিশোৰী ছাত্ৰীৰ মৃতদেহ

author img

By

Published : May 10, 2021, 7:34 AM IST

দেওবাৰে নিশা বিলাসীপাৰাৰ শালকোচা কুমুৰীগাঁৱৰ এটি জলাশয়ত দুই কিশোৰী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয় ৷ দিনৰ ভাগৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰী দুগৰাকী ৷ কোনো দুৰ্বৃত্তই যৌন নিৰ্যাতন চলাই হত্যা কৰি জলাশয়টোত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

deadbody recovered at bilasipara
বিলাসীপাৰাত কিশোৰী ছাত্ৰীৰ মৃতদেহ

পশ্চিম বিলাসীপাৰা, 10 মে’: ধুবুৰী জিলাৰ বিলাসীপাৰাৰ শালকোচা কুমুৰীগাঁৱত দেওবাৰে নিশা 11 বজাত উদ্ধাৰ হয় দুগৰাকী কিশোৰী ছাত্ৰীৰ মৃতদেহ ৷ জলাশয় এটাৰ পানীত উলংগ অৱস্থাত উদ্ধাৰ হয় দুয়োটা মৃতদেহ ৷

প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে দিনৰ 10 বজাৰ পৰা সন্ধানহীন হৈ আছিল গেৰাভিটা গাঁৱৰ ছাত্ৰী দুগৰাকী ৷ সন্ধানহীন হোৱাৰ পাচতে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰি জলাশয়টোত উদ্ধাৰ কৰে ছাত্ৰী দুগৰাকীৰ মৃতদেহ ৷

বিলাসীপাৰাত কিশোৰী ছাত্ৰীৰ মৃতদেহ

জলাশয়টোৰ পাৰত প্ৰথমে চেণ্ডেল আৰু কাপোৰ উদ্ধাৰ হয় ৷ তাৰ পাচত জলাশয়টোত ছাত্ৰী দুগৰাকীৰ মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰাত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ তদন্ত কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় শালকোচা আৰক্ষী, বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া আৰু ধুবুৰী জিলা আৰক্ষী অধীক্ষক ৷ সমগ্ৰ ঘটনাই ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে যদিও যৌন নিৰ্যাতন চলাই হত্যা কৰি জলাশয়টোত পেলাই দিয়া হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক : চুমিলা আৰু দীপশিখাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.