ধুবুৰী, 9 অক্টোবৰ : ধুবুৰী জিলাৰ অসম-বংগ সীমান্তৰ ছাগলীয়াত বিজয়া দশমী মেলাত মঙলবাৰে দুস্কৃতিকাৰীয়ে দুজন আক্ৰাছু নেতাক প্ৰাণে মৰাৰ চেষ্টা চলোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সন্ধিয়া সময়ত ছাগলীয়া আঞ্চলিক আক্ৰাছুৰ সভাপতি শ্যামল ৰায় আৰু আক্ৰাছু কৰ্মী জিতেন ৰায় ছাগলীয়াৰ বিজয়া দশমী মেলালৈ গৈছিল ৷ মেলাত দুষ্কৃতিকাৰীয়ে পিছফালৰ পৰা লাঠিৰে শ্যামলৰ মূৰ আৰু মুখত আক্ৰমণ কৰাৰ ফলত ঘটনাস্থলীতে অচেতন হৈ পৰে ৷ আনহাতে, দুষ্কৃতিকাৰীয়ে জিতেনকো আঘাতপ্ৰাপ্ত কৰি পলায়ন কৰে ৷
ততাতৈয়াকৈ দুয়োগৰাকী আঘাতপ্ৰাপ্ত আক্ৰাছু নেতাক স্থানীয় ৰাইজে তুফানগঞ্জ চিকিৎসালয়লৈ নিছিল যদিও পাছত উন্নত চিকিৎসাৰ বাবে কোচবিহাৰলৈ প্ৰেৰণ কৰে ৷ বৰ্তমান দুয়োকে বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ সূত্ৰৰ মতে, ইয়াৰ লগত ছাগলীয়াৰে ভাং সৰবৰাহকাৰী চক্ৰ এটা জড়িত হৈ আছে বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে ৷
এই সন্দৰ্ভত পৰিয়ালৰ লোকে ছাগলীয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকক আটক কৰিব সক্ষম হোৱা নাই ৷ ২৪ ঘন্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ধুবুৰী জিলা আক্ৰাছুৰ সভাপতি কাৰ্তিক ৰায়ে ৷ অন্যথা আক্ৰাছুয়ে অপৰাধীক বিচাৰি উলিয়াবলৈ নিজে ব্যৱস্থা গ্ৰহন কৰিব বুলি মন্তব্য কৰে ৰায়ে ৷