ETV Bharat / state

চিৰাকুটাত বজ্ৰপাতত নিহত দুই আহত এক - etv bharat

পথাৰত মাছ ধৰিবলৈ যোৱাৰ সময়তে বজ্ৰ পৰি গুৰুতৰ ভাৱে আহত হয় তিনি জনকৈ লোক ৷ তিনিও জনকে স্থানীয় ৰাইজে ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়তত ভৰ্তি কৰে যদিও দুজনৰ চিকিৎসালয়তে মৃত্যু হয় ৷

চিৰাকুটাত বজ্ৰপাতত নিহত দুই আহত এক
author img

By

Published : Oct 4, 2019, 7:59 PM IST

বিলাসীপাৰা, 4 অক্টোবৰ: পূজাৰ উছাহৰ মজতে বিলাসীপাৰাত শোকাৱহ ঘটনা ৷ শুকুৰবাৰে বিলাসীপাৰাৰ চিৰাকুটাত বজ্ৰপাতত দুজন নিহত হোৱাৰ লগতে আহত এজন ৷ তথ্য অনুসৰি, পথাৰত মাছ ধৰিবলৈ যোৱাৰ সময়তে বজ্ৰ পৰি গুৰুতৰ ভাৱে আহত হয় তিনি জনকৈ লোক ৷ তিনিও জনকে স্থানীয় লোকে ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইয়াৰে দুজনকৈ লোকৰ চিকিৎসালয়তে মৃত্যু হয় ৷ নিহত ব্যক্তিদ্বয় ক্ৰমে, জুল হক আৰু জছিমুদ্দিন বুলি জানিব পৰা গৈছে ৷ আনহাতে, আহত জমিৰ উদ্দিনক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ৷

Intro:পূজাৰ উছাহ উদ্দীপনাৰ সময়তে বিলাসীপাৰাত শোকাৱহ ঘটনা |
চিৰাকুটাত বজ্ৰঘাতত নিহত দুজন আহত ১ |
পথাৰত মাছ ধৰিবলৈ যোৱাৰ সময়তে বজ্ৰাঘাত হৈ গুৰুতৰ ভাবে আহত হয় তিনি জন কৈ লোক |
তিনিও জনকে স্থানীয় লোকে ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয় লৈ নিয়ে যদিও ইয়াৰে দুজন লোক চিকিৎসালয়ত মৃত্যু মুখত পৰে |
নিহত ব্যক্তিদ্বয় জুল হক আৰু জছিমুদ্দিন বুলি জানিব পৰা গৈছে |
জুল হকৰ ঘৰ চিৰাকুটা ১ম খণ্ড গাঁৱত | আৰু জছিমুদ্দিনৰ ঘৰ শগুনমাৰী ৪ৰ্থ খণ্ড গাঁৱত |
জছিমুদ্দিন চিৰাকুটাৰ এটা ইটা উদ্যোগৰ শ্ৰমিকৰ কামত নিয়োজিত হৈ আছিল ৷ Body:আনহাতে জমিৰ উদ্দিনক সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় |
শুকুৰবাৰে সংঘটিত এই ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত |Conclusion:Byte স্থানীয় নাগৰিক,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.