পশ্চিম বিলাসীপাৰা, 28 এপ্ৰিলঃ লক ডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে ৰাজ্যৰ বহুসংখ্যক শিক্ষাৰ্থী ৷ তাৰ মাজতে অসমৰ প্ৰায় দুই শতাধিক মেডিকেলৰ শিক্ষাৰ্থী আবদ্ধ হৈ আছে বাংগালোৰত | লক ডাউনৰ ফলত কলেজৰ হোষ্টেল,লজ আদি বন্ধ কৰি দিয়াৰ বাবে এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে অসমৰ শিক্ষাৰ্থীসকল । লক ডাউনৰ এই সময়ছোৱাত একেটা কোঠাতে থাকি শিক্ষাৰ্থীসকলে নৰক যন্ত্ৰণাত ভুগিব লগা হোৱাৰ লগতে তেওঁলোকৰ ওচৰত নাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰীও ৷ এক ভিডিওৰ জৰিয়তে বাংগালোৰৰ পৰা এই কথা ব্যক্ত কৰিলে অসমৰ শিক্ষাৰ্থীসকলে ৷ ভিডিঅ'ৰ জৰীয়তে আবদ্ধ শিক্ষাৰ্থীসকলে তেওঁলোকক উদ্ধাৰৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনায় অসম চৰকাৰক ৷
লগতে পঢ়কঃ বঙাইগাঁৱত কৰ’ণাত আক্ৰান্ত কিশোৰী