ETV Bharat / state

উগ্ৰপন্থী সংগঠনেৰে সম্পৰ্ক আছে ধুবুৰীত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃৰ - তদন্তকাৰী সংস্থা

ধুবুৰীত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃৰ সৈতে সম্পৰ্ক আছে নিউ জেএমবি উগ্ৰপন্থী সংগঠনৰ সৈতে। এই লৈ ধুবুৰী আৰক্ষীৰ তদন্তত ওলাইছে ন ন তথ্য। শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব সংগঠনটোৰ বহু কেইজন সদস্য।

ধুবুৰীত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃৰ জড়িত নিউ JMBৰ সৈতে

author img

By

Published : Apr 30, 2021, 10:49 PM IST

ধুবুৰী,30এপ্ৰিল: ধুবুৰী আৰক্ষীৰ অভিযানত গৌৰীপুৰৰ লালকুৰাৰ পৰা গ্ৰেপ্তাৰ হৈছিল মজিবৰ ৰহমান আৰু ফয়জাৰ আলী নামৰ দুই ভাতৃ। মজিবৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল চাৰিটাকৈ হস্ত নিৰ্মিত পিষ্টল আৰু ভাৰতীয় জাল নোট ।

মজিবৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মজিবৰৰ ভাতৃ ফয়জাৰ আলীক । দুয়োকে কৰা জেৰাৰ অন্তত দুয়ো নিউ জেএমবি উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে । আনকি ফয়জাৰে পূৰ্বতে মালটাৰ সক্ৰিয় সদস্য হিচাপে কাম কৰিছিল । ইয়াৰ পিছতেই বৰ্তমান দুয়ো ভাতৃ নিউ জেএমবিৰ সদস্য হিচাপে কাম কৰি আহিছিল বুলি উল্লেখ কৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

উগ্ৰপন্থী সংগঠনেৰে সম্পৰ্ক আছে ধুবুৰীত গ্ৰেপ্তাৰ হোৱা দুই ভাতৃৰ

একেদৰে আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথা কৈ ইয়াৰ সৈতে আন বহুজনৰ নাম পোহৰলৈ আহিছে বুলি উল্লেখ কৰি শীঘ্ৰেই কেইবাজনো লোক ধুবুৰী আৰক্ষীৰ জালত পৰিব বুলি কলে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে । ইপিনে গ্ৰেপ্তাৰ হোৱা দুই ভাতৃক দেশৰ আন বিভিন্ন তদন্তকাৰী সংস্থাই জেৰা কৰিব পাৰে বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

লগতে পঢ়কঃ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.