ETV Bharat / state

ৰূপসী বিমানবন্দৰৰ ট্ৰায়েল সম্পন্ন, ৮ মে'ৰ পৰা চলাচল কৰিব বিমান

author img

By

Published : May 6, 2021, 9:25 PM IST

Updated : May 6, 2021, 10:08 PM IST

পৰীক্ষণমূলক বিমান উৰা মাৰিলে ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ পৰা ৷ আশীৰ দশকৰ পৰা বন্ধ হৈ থকা বিমানবন্দৰটো আৰচিএছ-উড়ান আঁচনিৰ অধীনত উন্নীতকৰণ কৰা হৈছে ৷

trial-flight-took-off-from-assams-rupsi-airport
৮ মে'ৰ পৰা চলাচল কৰিব বিমান

নিউজ ডেস্ক,6 মে’: অৱশেষত ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ পৰা গুৱাহাটী-ৰূপসী-গুৱাহাটীৰ আকাশমাৰ্গত উৰা মাৰিলে ফ্লাইবিগ এয়াৰলাইনছৰ পৰীক্ষামূলক বিমান ৷ বুধবাৰৰ দিনটোত ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহৰ সমৰ্থনত সময়মতে আৰু সুৰক্ষিতভাৱে এই পৰীক্ষা সম্পন্ন কৰাৰ কথা ৷ বৃহস্পতিবাৰে এয়াৰ প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া চমুকৈ এ এ আইৰ বিষয়াসকলে সদৰী কৰে ।

উল্লেখ্য যে, আৰচিএছ-উড়ান আঁচনিৰ অধীনত বিমানবন্দৰটোক উন্নীত কৰা হৈছে ৷ এই বছৰৰে ৮ মে'ৰ পৰা এই বিশেষ বিমানখন গুৱাহাটী-ৰূপসী-কলকাতাৰ আকাশমাৰ্গত মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে চলিব ৷ ইতিমধ্যে, ফ্লাইবিগ এয়াৰলাইনছৰ দ্বাৰা মুকলি কৰা হৈছে বিমানখনৰ বুকিং ।

বিশেষভাৱে উল্লেখনীয় যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিক অস্ত্ৰ, জনশক্তি আৰু গোলা-বাৰুদ যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা হৈছিল ৰূপসী বিমানক্ষেত্ৰৰ । ইয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীৰ দশম বায়ুসেনাই চীন-বাৰ্মা-ইণ্ডিয়া থিয়েটাৰ অৱ ৱ’ৰ্ল্ড ওৱাৰ-২ ত ব্যৱহাৰ কৰিছিল । 80 ৰ দশকত আঞ্চলিক বিমান সংস্থা বায়ুদূতে বিমানবন্দৰটোৰ পৰিচালনা কৰি বিমানসেৱা চলাই ৰাখিছিল ৷ অৱশ্যে, 1984 চনত সেই সেৱা প্ৰত্যাহাৰ কৰি বন্ধ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু উত্তৰ-পূৱ পৰিষদৰ (এনইচি) যুটীয়া উদ্যোগৰ জৰিয়তে বিমানবন্দৰতো পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছিল যদিও এই প্ৰচেষ্টা বিফল হৈছিল ৷

কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত এয়াৰষ্ট্ৰিপৰ পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ অংশ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনৰ ফেব্ৰুৱাৰীত এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত ৩,৫০০ বৰ্গ মিটাৰৰ এটা টাৰ্মিনেল ভৱনকে ধৰি ৭০ কোটি টকা ব্যয় সাপেক্ষে এটিআৰ-৭২ প্ৰকাৰৰ বিমান পৰিচালনাৰ বাবে বিমানবন্দৰটো উপযুক্ত কৰি কৰি পুনৰ নিৰ্মাণ কৰা হৈছিল ৷

পুনৰ নিৰ্মিত বিমানবন্দৰটো এএআই আৰু আইএএফৰ দ্বাৰা সামৰিক আৰু অসামৰিক দুয়ো প্ৰকাৰৰ অভিযানৰ বাবে যুটীয়াভাৱে উন্নীতকৰণ কৰা হৈছে । ৰূপসীত যুঁজাৰু বিমানৰ সফল পৰিচালনা কৰাৰ বাবে ইয়াৰ ৰাণৱেক ১০,০০০ ফুটলৈ সম্প্ৰসাৰিত কৰাৰ সম্ভাৱনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ৷

লগতে পঢ়ক : তামিলনাডুত ফ্ৰণ্টলাইন কৰ্মীৰ বাবে উপ-নগৰীয় ৰে'লসেৱা আৰম্ভ

Last Updated : May 6, 2021, 10:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.