ETV Bharat / state

Self Defense: ধুবুৰীত যুৱতীসকলৰ মাজত প্ৰশিক্ষণৰ কাৰ্যসূচী - নাৰী নিৰ্যাতন

নাৰী সমাজৰ পৰা নিৰাপত্তাহীনতা দূৰ কৰিবলৈ এক বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰীৰ এগৰাকী যুৱতীয়ে ৷ যুৱতীসকলৰ মাজত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে Self Defense ৰ প্ৰশিক্ষণ শিবিৰ ৷

training camp in Self defense for girls at dhubri
ধুবুৰীৰ যুৱতীসকলৰ মাজত Self defense প্ৰশিক্ষণ শিবিৰ
author img

By

Published : Aug 23, 2021, 10:50 PM IST

ধুবুৰী, 23 আগষ্ট : ৰাজ্যত দৈনিক বৃদ্ধি পাই আহিছে ধৰ্ষণ, নাৰী নিৰ্যাতনৰ দৰে ঘটনা ৷ চৰকাৰী প্ৰশাসনৰ ফালৰ পৰা সভ্য সমাজক লজ্জাতন কৰা এইধৰণৰ ঘটনাসমূহ দূৰ কৰিবলৈ কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ কিন্তু এই ক্ষেত্ৰত সফল হ'ব পৰা নাই আৰক্ষী তথা প্ৰশাসন ৷ কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও সংঘটিত হৈ আছে ধৰ্ষণ, নাৰী নিৰ্যাতন আদিৰ দৰে ঘটনা ৷

এই ঘটনা সমূহ যি ধৰণে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে, তাৰ সমানে নাৰী সমাজত এক আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ সকলো মাক-দেউতাকেই বৰ্তমান সময়ত নিজ কন্যাক বাহিৰত অকলে পঠাবলৈ ভয় কৰা হৈছে ৷ যেন নিজৰ ঘৰৰ পদূলিতো নাৰী নিৰাপদ নহয় ৷ এক কথাত সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে নাৰী সমাজে ৷

ধুবুৰীৰ যুৱতীসকলৰ মাজত Self defense প্ৰশিক্ষণ শিবিৰ

লগতে পঢ়ক : সাংবাদিক সকলে বুজি পোৱা ইচ্যু নহয় সীমা সংঘাত : হিমন্ত বিশ্ব শৰ্মা

নাৰী সমাজৰ পৰা এনে নিৰাপত্তাহীনতা দূৰ কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰীৰ একাংশ যুৱতীয়ে ৷ ধুবুৰীৰ যুৱতীসকলৰ মাজত পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে Self Defense ৰ প্ৰশিক্ষণ শিবিৰ ৷ ধুবুৰীৰ জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ তানিছা চক্ৰৱৰ্তী নামৰ এগৰাকী ছাত্ৰীৰ নেতৃত্বত আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰ ৷

ধুবুৰী আৰক্ষী চাউনিত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে ৷ যুৱতী সকলক Self Defense ৰ প্ৰশিক্ষণ প্ৰদান কৰিছে সমৰ কলাত গ'ল্ড মেডেলিষ্ট দীপা তাৰপদা নামৰ এগৰাকী যুৱতীয়ে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অৰ্ধ শতাধিক স্কুল-কলেজীয়া ছাত্ৰীয়ে ৷ উল্লেখ্য যে, এই কাৰ্যসূচীক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ধুবুৰীৰ জিলাৰ ৰাইজে ৷

লগতে পঢ়ক: ৰঙিয়া ৰেল ষ্টেচন চৌহদত অমানৱীয় কাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.