ETV Bharat / state

চাপৰৰ বাঙালডোবাত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ - dhubri tractor seized

চাপৰৰ বাঙালডোবাত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ ৷ চৰকাৰী ৰাজহ ফাঁকিৰে একাংশ বেপাৰীয়ে ব্যৱসায় চলাই অহাৰ অভিযোগতে জব্দ কৰে বহলপুৰ আঞ্চলিক বন বিষয়াই ৷

পূৱ বিলাসীপাৰা
চাপৰৰ বাঙালডোবাত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ
author img

By

Published : Mar 11, 2020, 11:31 AM IST

পূৱ বিলাসীপাৰা, ১১ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে ৰঙা মাটিৰ অবৈধ বেহা । চৰকাৰী ৰাজহ ফাঁকিৰে একাংশ বেপাৰীয়ে পাহাৰীয়া ৰঙা মাটি খনন কৰি চলাই আছে ৰমৰমীয়া বেহা । যাৰ বাবে পূৱ বিলাসীপাৰাৰ চাপৰত ভূ-মাফিয়াৰ বিৰুদ্ধে এইবাৰ সৰৱ হল বন বিভাগ । বহলপুৰ আঞ্চলিক বন বিষয়া-নাৰায়ণ ঠাকুৰীয়াই এক অভিযান চলাই জব্দ কৰিলে অবৈধ ভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ । চাপৰৰ বাঙালডোবা অঞ্চলৰ পিআৰএফৰ পৰা অবৈধভাৱে মাটি সৰবৰাহ কৰা অৱস্থাত বন বিভাগৰ দলটোৱে ট্ৰেক্টৰ এখন জব্দ কৰিবলৈ সক্ষম হয় ।

পূৱ বিলাসীপাৰা
চাপৰৰ বাঙালডোবাত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ
চাপৰৰ বাঙালডোবাত জব্দ অবৈধভাৱে মাটি কঢ়িওৱা ট্ৰেক্টৰ

এই সমূহ ট্ৰেক্টৰৰে অবৈধভাৱে একাংশ ইটা ভাটাত পাহাৰীয়া ৰঙা মাটি যোগান ধৰা হয় বুলি বহলপুৰ আঞ্চলিক বন বিষয়াই জানিবলৈ দিছে । ইপিনে, এই জব্দকৃত ট্ৰেক্টৰ খনৰ ওপৰত বন বিভাগৰ বিধি মতে ৰাজহ সংগ্ৰহ কৰা হ'ব বুলি বন বিষয়া নাৰায়ণ ঠাকুৰীয়াই জানিবলৈ দিয়ে ।

আৰু পঢ়কঃ দিল্লী সংঘৰ্ষ সম্পৰ্কত 11 মাৰ্চত লোকসভাত আলোচনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.