ETV Bharat / state

অসম-বংগ সীমান্তত হাজাৰ হাজাৰ শ্ৰমিকৰ জুম

author img

By

Published : May 19, 2020, 11:05 AM IST

বহিঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ শ্ৰমিকে ভিৰ কৰি আছে অসম-বংগ সীমান্তত । উপস্থিত লোকসকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব । হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উপস্থিত শ্ৰমিকসকলৰ মাজত ৷

ETV BHARAT
অসম-বংগ সীমান্তত হাজাৰ হাজাৰ শ্ৰমিকৰ জুম

ধুবুৰী,19 মেঃ ধুবুৰী জিলাৰ অসম-বংগ সীমান্তত হাজাৰ হাজাৰ শ্ৰমিকৰ উপস্থিতিয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইয়াৰে প্ৰায় ভাগ শ্ৰমিক ধুবুৰী আৰু বৰপেটা জিলাৰ ।

শিশু,মহিলা সহ হাজাৰ হাজাৰ শ্ৰমিক পশ্চিম বংগ সীমান্তৰে প্ৰৱেশ কৰিছে অসমৰ ছাগলীয়াত । যোৱা সোমবাৰৰ পৰা এই লোকসকল আৱদ্ধ হৈ আছে সীমান্তত । জিলা প্ৰশাসনৰ তৰফৰ পৰা এই লোকসকলক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে যদিও প্ৰতিদিনে বৃদ্ধি পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা । উপস্থিত লোকসকলৰ মাজত নাই কোনো সামাজিক দূৰত্ব ।

তাৰোপৰি অনাহাৰে আছে বহু শিশু সহ এই শ্ৰমিক সকল । প্ৰখৰ ৰ'দৰ মাজতো এনেদৰে কেঁচুৱা কোলাত লৈ ভিৰ কৰিছে মহিলাসকলে । কাৰণ প্ৰতিজন শ্ৰমিকক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্ততহে যোৱাৰ অনুমতি প্ৰদান কৰিব । বহিঃৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ শ্ৰমিকে ভিৰ কৰি আছে অসম-বংগ সীমান্তত । এনে পৰিস্থিতিয়ে ভয়াৱহ বিপদ মাতিব ৰাইজৰ বাবে । এই ক্ষেত্ৰত জিলা প্ৰশাসনে কেনে ধৰণে ব্যৱস্থা অৱলম্বন কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক-গোলাঘাটত নতুনকৈ দুজনৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.