ধুবুৰী,30 এপ্ৰিলঃ 2012 চনৰ ত্ৰিশ এপ্ৰিলৰ বিয়লি 5বাজি 15 মিনিটত ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হৈছিল দেশ জোঁকাৰি যোৱা এক ভয়াৱহ যাত্ৰীবাহী লঞ্চ দুৰ্ঘটনা । প্ৰায় তিনি শতাধিক যাত্ৰীলৈ ধুবুৰীৰ পাৰঘাটৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মেদৰটাৰী পাৰঘাট পোৱাৰ আগ মুহূৰ্তত হঠাৎ অহা প্ৰচণ্ড ধুমুহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱায় যাত্ৰীবাহী লঞ্চখনে । প্ৰায় তিনি শতাধিক যাত্ৰীসহ লঞ্চখন মুহুৰ্তৰ ভিতৰত খণ্ড বিখণ্ড হৈ পৰে লুইতৰ বুকুত । পিছত অধিকাংশ যাত্ৰীয়ে সাঁতুৰি কোনোমতে নিজৰ ৰক্ষা পেলাবলৈ সক্ষম হৈছিল যদিও বহু যাত্ৰী সন্ধানহীন হৈ পৰে । লগে লগে স্থানীয় ৰাইজৰ লগতে ধুবুৰী জিলা প্ৰশাসনৰ তৎপৰতাত এছ ডি আৰ এফ, এন ডি আৰ এফ, বি এছ এফ, চি আৰ পি এফ আদিৰ জোৱান সকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে । উদ্ধাৰ অভিযানত মুঠ 46গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে লুইতৰ বুকুত সন্ধানহীন হয় 18 জনকৈ যাত্ৰী ।
লঞ্চ দুৰ্ঘটনাৰ পিছদিনাই মেদৰটাৰী পাৰঘাটত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধী সহ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু নেতা মন্ত্ৰী উপস্থিত হৈছিল । মেদৰটাৰী লৈ সোঁত বৈছিল বহু নেতা মন্ত্ৰীৰ। যিয়ে যিদৰে পায় সহায় কৰাৰ বিপৰীতে প্ৰতিশ্ৰুতি দি গৈছিল মেদৰটাৰী বাসীক। ৰাহুল গান্ধীৰ নিৰ্দেশ মৰ্মে তেতিয়াৰ তৰুণ গগৈ চৰকাৰে মেদৰটাৰী অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ বাবে দহ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা হৈছিল । কিন্তু এই পৰ্যন্ত মেদৰটাৰীবাসীয়ে নাপালে উন্নয়নৰ নামত ঘোষণা কৰা সেই বিশেষ পেকেজ ।
অৱশ্যে তৰুণ গগৈ চৰকাৰে প্ৰতিটো নিহত পৰিয়ালক তিনি লাখ পঞ্চাশ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰাৰ বিপৰীতে একোটাকৈ গৃহ নিৰ্মাণ কৰি দিছিল । ইফালে মুখ্যমন্ত্ৰী জীৱন বীমা আঁচনিৰ জৰিয়তে প্ৰতিটো নিহত পৰিয়ালক পঞ্চাশ হাজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছিল তেতিয়াৰ চৰকাৰে । যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নহ'ল । সমান্তৰাল ভাৱে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৰাজহুৱা সভাত এ আই ইউ ডি এফৰ তেতিয়াৰ 18 জন বিধায়কৰ এমাহৰ দৰমহা দিয়াৰ কথা ঘোষণা কৰিছিল কিন্তু সেই টকা আজিও নাপালে মেদৰটাৰী বাসীয়ে ।
খন্তেকীয়া চমকেৰে এক মাহ ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ মাজত তিনিখনকৈ 108 নাও এম্বুলেঞ্চ সেৱা চলিছিল যদিও বিগত বহু কেইটা বছৰে একপ্ৰকাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ আছে এই জৰুৰীকালীন সেৱা । অৱশ্যে কাগজে কলমে এই সেৱা চলিছে বাবেই ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ বিভিন্ন পাৰ ঘাটত একাংশ কৰ্মচাৰীয়ে বিনা কষ্টৰে বেতন ভোগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মুঠৰ ওপৰত বিগত কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো উন্নয়নৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে মেদৰটাৰী অঞ্চলকে ধৰি বৃহত্তৰ দক্ষিণ পাৰ অঞ্চল ।